বৰগীতৰ বিষয়ে চমুকৈ | ব্ৰজাৱলী ভাষা

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বিশেষ কিছুসংখ্যক গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্ততিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধুৰ। শংকৰদেৱে ‘বাৰকুৰি গীত’ ৰচিছিল যদিও বৰ্তমান ‘একুৰি চৈধ্যটা’ পোৱা গৈছে। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।

বৰগীতৰ লক্ষণঃ

(১) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।

(২) বৰগীতৰ ভাষা ব্ৰজাৱলী।

(৩)বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক।

(৪) শংকৰ-মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

(৫) বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।

(৬) মাধৱদেৱৰ বৰগীতসমূহ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে।

ব্ৰজাৱলী ভাষাঃ

ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ।

Leave a Comment