মাধৱদেৱৰ বিষয়ে চমুকৈ

শ্ৰীশ্ৰীমাধৱদেৱ

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাং আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ’ল—

  • আখ্যানমূলক ৰচনা—ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ,
  • তত্ত্বমূলক ৰচনা—জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা,
  • নাটক—অৰ্জুন ভঞ্জন বা দধিমথন অংকীয়া নাট
  • ঝুমুৰা—চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভোজনবিহাৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ, ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুলি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিৰ্দশন।

Leave a Comment