পশুপালন(Animal Husbandry)

ভাৰতবৰ্ষত কৃষিজীৱি সম্প্ৰদায়ে কৃষি আৰু পশু পালন দুয়োটা একেলগে কৰে। গৰু-ম’হ, ছাগলী, কুকুৰা আদি বহুলভাৱে পালন কৰা প্ৰজাতি। পশুধন উৎপাদনে অন্য খাদ্য উৎপাদন কাৰ্যত ব্যাঘাত নঘটোৱাকৈ আয়, খাদ্য নিৰাপত্তা, পৰিবহণ, ইন্ধন আৰু পৰিয়ালৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বৰ্দ্ধিত সুস্থিৰতা প্ৰদান কৰে। বৰ্তমান কেৱলমাত্ৰ পশুধন খণ্ডই ভূমিহীন শ্ৰমিককে ধৰি ৭০ নিযুতৰো অধিক ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বিকল্প জীৱিকাৰ সুবিধা দিছে। এক উল্লেখনীয় সংখ্যক মহিলায়ো পশুধন খণ্ডত নিয়োগ পাইছে। ৪২ শতাংশৰে কুকুৰা প্ৰথম স্থানত আছে। উট, গাধ, ঘোঁৰা, সৰুঘোঁৰা, খচ্ছৰ আদি পশুধন সমূহ নিম্নতম খলপত আছে। ১৯৯৭ চনত ভাৰতবৰ্ষত ৭০ নিযুত ম’হক ধৰি প্ৰায় ২৮৭ নিযুত গো-ধন আছিল। যোৱা তিনি দশকত ভাৰতীয় দুগ্ধ খণ্ডৰ সাফল্য সম্পূৰ্ণ উৎসাহজনক আছিল। ১৯৬০-২০০০ চনৰ সময়ছোৱোত দেশখনত দুগ্ধ উৎপাদন চাৰিগুণতকৈয়ো অধিক বৃদ্ধি পাইছে। প্ৰধানতঃ ১৯৬৬ চনৰ পৰা আৰম্ভ কৰা ‘প্লাৱন অভিযান’(Operation Flood)ৰ সফল ৰূপায়নৰ বাবে এইটো সম্ভৱ হোৱা বুলি ক’ব পাৰি। ই হৈছে এটা ব্যৱস্থা যাৰ দ্বাৰা সকলো কৃষকে বিভিন্ন ক্ৰমাংকন(গুণগত মানৰ ভিত্তিত) অনুযায়ী তেওঁলোকৰ উৎপাদিত গাখীৰ উমৈহতীয়াভাৱে জমা কৰিব পাৰে আৰু সেইবোৰৰ প্ৰক্ৰিয়াকৰণ তথা সমবায়ৰ জৰিয়তে নগৰৰ কেন্দ্ৰসমূহত বিপণন কৰা হয়। এই ব্যৱ্স্থাত নগৰৰ বজাৰসমূহত গাখীৰ যোগানৰ জৰিয়তে কৃষকসকলে এক ন্যায্য দাম আৰু আয় নিশ্চিত লাভ কৰে। পূৰ্বতে আঙুলিয়াই দিয়াৰ দৰে দুগ্ধ সমবায় ব্যৱস্থাৰ দক্ষতাপূৰ্ণ ৰূপায়নৰ সফল কাহিনীৰ উদাহৰণ হৈছে গুজৰাট। অন্য বহুকেইখন ৰাজ্য এই ক্ষেত্ৰত প্ৰতিযোগিতাত নামিছে। মাংস, কণী, ঊন আৰু অন্যান্য উপজাত দ্ৰব্য সমূহো বহুমূখীকৰণৰ বাবে উৎপাদনশীল খণ্ড হিচাপে পৰিগণিত হ’ব ধৰিছে।

Leave a Comment