অসমীয়া লোক-সাহিত্য

অসমীয়া লোক-সাহিত্য

আৰম্ভণি: যিকোনো জাতি এটাৰ সাহিত্যই লিখিত ৰূপ লাভ কৰাৰ আগতে সাধাৰণ জনসাধাৰণৰ মুখে মুখে পৰম্পৰাগতভাৱে যিবোৰ সাহিত্যৰ প্ৰচলন হৈ থাকে, সেইবোৰ সাহিত্যকে জাতিটোৰ লোক-সাহিত্য বোলা হয়। অসমীয়া ভাষাতো ইয়াৰ লিখিত সাহিত্যই ৰূপ লাভ কৰি উঠাৰ আগেয়ে এনে ধৰণৰ মৌখিক পৰম্পৰাগত সাহিত্য আছিল আৰু এনেবোৰ সাহিত্যকে অসমীয়া লোক-সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হয়। এই লোক-সাহিত্য বুলিলে গীত-মাত, প্রবাদ-প্রবচন, সাধুকথা আদিৰ সমষ্টিকেই বুজা যায়। কিন্তু জাতি এটাৰ সাহিত্যই লিখিতৰূপ লাভ কৰাৰ পিছত যে লোক-সাহিত্য সৃষ্টি নহ’ব, সেই কথাও একেবাৰে সঁচা নহয়। সেই সময়ৰ পিছতো নিৰক্ষৰ জনসাধাৰণৰ মাজত গীত-মাত ৰচিত হৈ থাকে। প্রবাদ-প্রবচনৰো সৃষ্টি হৈয়েই থাকে আৰু নতুন নতুন ৰূপৰ সাধুকথাৰো গঢ় লৈ থাকে। যিয়েই নহওক লিখিত সাহিত্য সৃষ্টি হোৱাৰ আগেয়ে লোক-সাহিত্যৰ যোগেদিয়েই জনসাধাৰণে নিজৰ অন্তৰৰ আৱেগ-অনুভূতি আদি প্ৰকাশ কৰি আহিছিল ।

অসমীয়া লোক-সাহিত্যৰ প্ৰকাৰ : অসমীয়া লোক-সাহিত্যৰ ভঁৰালটো অতি টনকিয়াল বুলি ক’ব লাগিব। এই লোক-সাহিত্য সম্পদসমূহৰ ভিতৰত প্ৰধানকৈ তিনিবিধ পৰে— (ক) লোকগীত, (খ) ফকৰা যোজনা আৰু (গ) সাধুকথা। এই তিনিবিধ, সাহিত্যৰ ভিতৰত লোকগীতসমূহেই সাহিত্য হিচাপে মূল্যৱান আৰু সেয়ে প্রথমে অসমীয়া লোকগীতসমূহৰ বিষয়ে আলোচনা এটা তলত দাঙি ধৰা হ’ল।

লোকগীত আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ : অসমীয়া লোকগীতবোৰ সাহিত্যিক সম্পদ হিচাপে মূল্যবান বুলি ক’ব লাগিব। এই লোকগীতবোৰক সাহিত্য সমালোচকৰ আলোচনা অনুসৰি তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি — অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। যিবোৰ লোকগীত অসমীয়া সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল আৰু সেই অনুষ্ঠানসমূহৰ উদযাপনৰ সময়ত গাবৰ বাবে ৰচিত হৈছিল, সেইবোৰ লোকগীতেই অনুষ্ঠানমূলক লোকগীতৰ ভিতৰুৱা। আখ্যানমূলক লোকগীতসমূহৰ বিষয়বস্তু হৈছে কিছুমান কাল্পনিক আখ্যান। এই আখ্যানমূলক লোকগীতবোৰকেই ইংৰাজীত ‘বেলাড’ (Ballad) বুলি কোৱা হয়। সেইদৰে অন্য কিছুমান গীত অসমীয়া সমাজৰ বিভিন্ন বিষয়ৰ লগত জড়িত। অসমীয়া মানুহৰ মাজত প্রচলিত নিচুকনি গীত, নাওখেলোৱা গীত, গৰখীয়া গীত আদিয়েই এইবিধ লোকগীতৰ ভিতৰুৱা ৷ এইবোৰেই অসমীয়া বিবিধ বিষয়ক লোকগীত।

অসমীয়া অনুষ্ঠানমূলক লোকগীতসমূহ আকৌ কেবাবিধৰো আছে। যেনে— বিহুগীত, আইনাম, বিয়ানাম, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহখেদা বা মহোহো গীত আৰু বিবিধ পূজা-পাতলৰ গীত। এইবোৰ লোকগীতৰ ভিতৰত বিহুনাম বা বিহুগীত বিশেষভাৱে উল্লেখযোগ্য। বিহুগীতৰ ভিতৰতে আকৌ হুচৰী গীত আৰু বনগীত দুয়োবিধ অন্তর্ভুক্ত। অসমীয়া সমাজত অতীজৰে পৰা ব’হাগ বিহু বা ৰঙালী বিহু উৎসৱৰ প্ৰচলন হৈ আহিছে। এই বিহু উৎসৱক বসন্ত উৎসৱ বুলিও অভিহিত কৰা হয়। এই সময়ত প্রকৃতি জগতৰ উল্লেখযোগ্য পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ লগে লগে কৃষিজীৱী মানুহৰ মনলৈও পৰিৱৰ্তন আহে। তেতিয়াই মানুহৰ মন ৰঙতে ভৰি পৰে আৰু মানুহৰ মনৰ ৰং গীতৰ জৰিয়তে প্রকাশিত হয়। ব’হাগ বিহুক আকৌ অতীজৰে পৰা উৰ্বৰতা বা প্ৰজনন উৎসৱ বুলিও অভিহিত কৰা হয়। সেয়ে কৃষিজীৱী মানুহে এই উৎসৱৰ লগত ৰজিতা খুৱাই প্ৰণয়ৰ গীত ৰচিছিল। সেয়েই অসমৰ বিহুগীতবোৰৰ প্ৰধান সুৰ হ’ল প্ৰণয় বা ভালপোৱাৰ সুৰ। প্ৰণয়ৰ সুৰপ্ৰধান এই বিহু গীতবোৰকেই সমালোচক কিছুমানে বনগীত বুলি কয়। অন্যহাতে ব’হাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ গৃহস্থৰ মংগল কামনা কৰি ঘৰে ঘৰে গোৱা গীতবোৰকেই সমালোচক কিছুমানে বনগীত বুলি কয়। অন্যহাতে ব’হাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ গৃহস্থৰ মংগল কামনা কৰি ঘৰে ঘৰে গোৱা গীতবোৰকেই হুঁচৰি গীত বুলি কোৱা হয়। অসমীয়া বিহুগীতসমূহ উল্লেখযোগ্য লোকগীত সাহিত্য, কিয়নো এই গীতবোৰে গ্ৰাম্য কৃষক জীৱনৰ আশা-আকাংক্ষা, আচাৰ-বিচাৰ আদিৰ প্ৰতিফলন ঘটায় । ইয়াৰ উপৰি অসমীয়া সামাজিক জীৱনৰ চিত্ৰ; অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অসমীয়া মানুহৰ ৰুচি-অভিৰুচি, ধৰ্ম বিশ্বাস আদিও এই গীতবোৰে ফুটাই তোলে।

বিহুনাম বা বিহুগীতবোৰৰ পিছতে আইনাম, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত আদি প্ৰায় একে পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানমূলক লোকগীত। এই গীতবোৰতো অসমীয়া তিৰোতাসকলৰ মনৰ সুন্দৰ অভিব্যক্তি প্ৰকাশিত হৈছে। অসমৰ বিয়াগীত বা বিয়ানামবোৰো অন্য এক প্ৰকাৰ অনুষ্ঠানমূলক লোকগীত। অসমীয়া হিন্দু সমাজৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন অৱস্থাত তিৰোতাসকলে এই বিয়াগীতবোৰ গাই তেওঁলোকৰ মনৰ আনন্দ প্ৰকাশ কৰাৰ লগতে বিবাহ অনুষ্ঠানটোও গাম্ভীৰ্যপূৰ্ণ কৰি তোলে । বিয়ানামবোৰ সাধাৰণতে গহীন আৰু সুৰুচিপূৰ্ণ যদিও, তাৰ মাজতেই জোৰানাম (নামনি অসমত খিচাগীত) বুলিও একশ্ৰেণীৰ পাতল ধৰণৰ গীত আছে। সাধাৰণতে ৰাতি বিবাহস্থলীত দৰাপক্ষ বা কন্যাপক্ষ বিভিন্নজনক সংশ্লিষ্ট কৰি গোৱা পাতল হাস্যৰসপূৰ্ণ গীতবোৰকেই জোৰানাম বোলে ৷

অসমৰ আন আন অনুষ্ঠানমূলক গীতসমূহৰ ভিতৰত ভেকুলী বিয়াৰ গীত, মহখেদা গীত, উপনয়ন-চূড়াকৰণ আদি শাস্ত্ৰীয় অনুষ্ঠানত গোৱা গীত, গোৱালপাৰা অঞ্চলৰ কালীপূজাৰ গীত, বাঁশপূজাৰ গীত, মনসাপূজাৰ গীত আদি উল্লেখযোগ্য।

অসমৰ আখ্যানমূলক গীতসমূহক আকৌ বুৰঞ্জীমূলক, কিম্বদন্তি বা জনশ্রুতিমূলক আৰু কাল্পনিক— এই তিনিটা ভাগত ভাগ কৰা হয়। অসমৰ বুৰঞ্জীমূলক লোকগীতসমূহৰ ভিতৰত বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, নাহৰগীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত আদিয়েই উল্লেখযোগ্য। জনশ্রুতিমূলক গীতসমূহৰ ভিতৰত ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, কমলাকুঁৱৰীৰ গীত, ৰাধিকাশক্তিৰ গীত আদি উল্লেখযোগ্য। সেইদৰে কন্যাবাৰমাহী গীত আৰু মধুমতীৰ গীত কাল্পনিক গীতৰ ভিতৰুৱা।

অসমৰ মুছলমান সম্পদায়ৰ লোকৰ মাজত প্ৰচলিত জিকিৰ আৰু জাৰী গীতসমূহকো লোকগীতৰ ভিতৰতেই সামৰি লোৱা হয়। জিকিৰ গীতসমূহ হৈছে আল্লাৰ নাম মাহাত্ম্যসূচক গীত; জাৰিবোৰ হৈছে মাৰ্চিয়া বা মহৰমৰ লোকগীত। জিকিৰ আৰু জাৰি গীতবোৰৰ সুৰ আৰু সৌন্দৰ্যই অসমীয়া সকলো শ্ৰেণীৰ পাঠককে যে মুগ্ধ কৰে সেই কথা নিঃসন্দেহে ক’ব পাৰি ৷

সেইদৰে আকৌ অসমীয়া সমাজত প্ৰচলিত দেহবিচাৰ আৰু টোকাৰী গীতবোৰো অসমীয়া লোকগীতৰ ভিতৰতেই অন্তর্ভুক্ত হয়। এই গীতবোৰ ৰূপকাত্মক আৰু ৰূপকৰ সহায়ত গীতবোৰৰ মাজেৰে আধ্যাত্মিক তত্ত্ব দাঙি ধৰা হয়।

ফকৰা-যোজনা আৰু প্ৰবচন : অসমীয়া মানুহৰ মুখে মুখে অতি পুৰণি কালৰে পৰা প্ৰচলিত হৈ অহা ফকৰা-যোজনা আৰু প্ৰবচনবোৰো লোক-সাহিত্যৰে এটি প্রধান ভাগ। অসমীয়া কৰা-যোজনাবোৰত সাংসাৰিক জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ প্ৰকাশ, আদর্শবাদ, অসমীয়া জাতিৰ মনস্তত্ত্ব আদি সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা যায়। সাধাৰণতে ছন্দোবদ্ধ ৰীতিতেই এই ফকৰাবোৰ গোৱা হয় আৰু তাৰ জৰিয়তে মানুহক আমোদ দিবলৈও বিচৰা হয়। সেইদৰে প্ৰবচনসমূহৰ জৰিয়তেও লোক-সমাজৰ বিভিন্ন বিষয় প্রকটিত কৰি তোলা হয়। অসমীয়া প্রবাদ প্রবচন, যোজনা-পটন্তৰসমূহৰ উৎপত্তিৰ পটভূমি কৃষিজীৱী সমাজখনহে, নাগৰিক জীৱনৰ সৈতে ইয়াৰ সম্পৰ্ক বিচাৰি পোৱা নাযায়।

সাধুকথা : সেইদৰে আকৌ অসমত বিভিন্ন ৰূপত প্রচলিত সাধুকথাসমূহকো অসমীয়া, লোক-সাহিত্যৰেই অন্তৰ্ভুক্ত কৰি লোৱা হয়। কিন্তু সেয়া হ’লেও সাহিত্যৰ বুৰঞ্জীত সেইবোৰক বিশেষ স্থান দিয়া নহয়; কিয়নো এই সাধুকথাবোৰৰ নিৰ্দিষ্ট আৰু স্থিৰ সাধুকথাসমূহৰ মূল্য উলাই কৰিব পৰা বিধৰ নহয়।

সামৰণি : এইদৰে আলোচনা কৰিলে দেখা যায় যে অসমীয়া লোক-সাহিত্যৰ ভঁৰালটোত বিবিধ ধৰণৰ বহুকেইবিধ মূল্যবান সাহিত্যিক সম্পদ সোমাই আছে। অসমীয়া লোক-সাহিত্যসমূহো এবিধ গুৰুত্বপূৰ্ণ সাহিত্য; কিয়নো এইবিধ সাহিত্যৰ জৰিয়তেও অসমীয়া সমাজ-সংস্কৃতিৰ বুৰঞ্জী ভালেখিনি প্রতিফলিত হৈছে। অসমৰ চুকে-কোণে এতিয়াও মানুহৰ মুখে মুখে প্রচলিত এই লোক-সাহিত্যসমূহক সেয়ে পোহৰলৈ আনি নতুন দৃষ্টিভংগীৰে চোৱাটো একান্তভাৱে বাঞ্ছনীয়। এনে দৃষ্টিভংগীৰে অসমীয়া লোক-সাহিত্যসমূহ অধ্যয়ন কৰিলে পূৰ্বৰ অসমীয়া মানুহৰ মন আৰু দৃষ্টিভংগী আৰু অধিকভাৱে আমাৰ সমুখত আহি ধৰা দিব।

Leave a Comment