অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ৰ মুক্তিৰ দিন স্থিৰ | Assamese Movie Rongatapu 1982

অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ৰ মুক্তিৰ দিন স্থিৰ কৰা হৈছো। অহা ২৪ নৱেম্বত মুক্তি লাভা কৰিব ছবিখনে। অলপতে ‘ৰঙাটাপু-১৯৮২’ মুক্তিৰ তাৰিখ ঘোষণা কৰে পৰিচালক আদিত্যম শইকীয়াই। ১৯৮২ চনত ব্ৰহ্মপুত্ৰৰ পাৰত সংঘটিত হোৱা এখন যুদ্ধ তথা ৮০ দশকত অসমলৈ আগমন ঘটা বহিৰাগত লোকসকলে থলুৱা অসমীয়া মানুহৰ জীৱন প্ৰণালী কেনেকৈ সলনি কৰি থৈ গ’ল, অসমীয়া চহা জীৱন কেনেকৈ ধ্ৱংস কৰিলে তাৰ আলমত নিৰ্মাণ কৰা হৈছে ছবিখন। বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া। মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা। সহকাৰী পৰিচালক বিবেক বৰা। চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে। শব্দ সম্পাদন কৰা সংমিশ্ৰণ কৰিছে অমৃণ প্ৰীতমে। আৱহ সংগীত কৰিছে অমৃত প্ৰীতম আৰু সুকুমাৰে। কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ানে। ৰূপসজ্জাত আছে বিজেয়িতা পাটগিৰি। সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই। চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে আইমী বৰুৱা, গুজন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, হেমন্ত দেৱনাথ, অলিস্মিতা আদি বহুটো ন পুৰণি শিল্পীয়ে।

Leave a Comment