অসমৰ চাহ শিল্প

 অসমৰ চাহ শিল্প

আৰম্ভণি : বৰ্তমান সময়ৰ ভাৰতবৰ্ষ বুলিয়েই নহয়, বিশ্বৰ প্ৰায় সকলোবোৰ ঠাইতেই চাহক এবিধ উত্তম অথচ সাধাৰণ পানীয় হিচাপে গ্ৰহণ কৰি অহা হৈছে। আমাৰ অসমতো বৰ্তমান সময়ত আলহী-অতিথি অভ্যর্থনাৰ প্ৰথম বিধ বস্তুৱেই হৈছে চাহ। ইয়াৰ উপৰি ৰাতিপুৱা শুই উঠিয়েই আমি দৈনন্দিন জীৱনৰ কাম-কাজো আৰম্ভ কৰো চাহ খোৱাৰ পিছৰ পৰাহে। কেৱল যে সাধাৰণ পানীয় হিচাপেই চাহৰ প্ৰচলন হৈ আহিছে, তেনেকুৱা নহয় ৷ কিছুমান ৰোগৰ প্ৰতিষেধক হিচাপেও চাহ পানৰ ব্যৱস্থা কৰা হয়। সেয়ে চাহ বৰ্তমানৰ মানৱ সভ্যতাৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত এবিধ সামগ্ৰী বুলি অভিহিত কৰিব পাৰি। দেখা যায় যে আমি যেতিয়া শাৰীৰিক বা মানসিকভাৱে অৱসাদগ্ৰস্ত হৈ পৰোঁ, তেতিয়া চাহ একাপ খাইহে আমি আমাৰ মন আৰু দেহক সজীৱ কৰি লওঁ।

অসমত চাহ খেতিৰ আৰম্ভণি : বিশ্বৰ বুৰঞ্জীত চীন দেশকেই চাহ খেতিৰ জন্মস্থান বুলি কোৱা হয়। কিন্তু অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চাহ খেতিৰ আৰম্ভণি কিন্তু ঊনবিংশ শতিকাৰ আৰম্ভণি ভাগতহে আৰম্ভ হয়। অসম তথা ভাৰতত চাহ খেতিৰ আৰম্ভ কৰে বৃটিছসকলে। ১৮৩০-৩১ চনত ভাৰতৰ একেবাৰে পূব-প্ৰান্তৰ অসম ভূমিত বৃটিছসকলে চাহ গছ থকাৰ সম্ভেদ পায়। তেওঁলোকে তাৰ পিছতেই অসমত চাহ খেতিৰ আৰম্ভ কৰিবলৈ চেষ্টা চলায়। তেওঁলোকে এই খেতি আৰম্ভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলায় আৰু অৱশেষত এই খেতিৰ কাম আৰম্ভ কৰিবলৈ সফল হয়। তেওঁলোকে চাহ উৎপাদন কৰি ১৮৩৮ চনত লণ্ডনৰ বজাৰত বিক্ৰী কৰিবলৈ পঠায়। আৰু লণ্ডনৰ বজাৰত এই চাহে সমাদৰ লাভ কৰে। অসমত এইদৰে বৃটিছসকলে চাহ খেতি আৰম্ভ কৰাৰ পিছত তেওঁলোকক দেখিয়েই অসমৰ উদ্যোগী লোক কেইজনমানেও এই খেতি আৰম্ভ কৰাত মনোনিৱেশ কৰে। অসমৰ উৎপাদনকাৰী দেশৰ ভিতৰত ভাৰতো এখন অন্যতম আৰু ভাৰতৰ ভিতৰতো অসমতেই সর্বাধিক অঞ্চলত চাহ খেতি কৰা হয়। বৰ্তমান অসমত সৰু ডাঙৰ প্ৰায় ৮০০ খন চাহ বাগিচা আছে আৰু ইয়াৰ ভিতৰত অবিভক্ত শিৱসাগৰ জিলাতেই চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক ২৭৬ খন। বৰ্তমানৰ বিশ্বৰ চাহ উৎপাদনকাৰী ঠাইসমূহৰ ভিতৰত অসমে দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে বুলিও জনা যায়। ভাৰতবৰ্ষই অসমৰ লগতে অন্যান্য ৰাজ্যৰ উৎপাদিত চাহপাত বিক্ৰী কৰি বছৰি বহুতো বিদেশী মুদ্ৰা অৰ্জন কৰিবলৈও সক্ষম হৈছে। অসমত বৰ্তমানে চাহ খেতিৰ ওপৰত আৰু অধিক গুৰুত্ব আৰোপ কৰা হৈছে আৰু সেই উদ্দেশ্যে যোৰহাটৰ টোকোলাইত চাহ গৱেষণা কেন্দ্ৰ নামৰ এটা প্ৰতিষ্ঠানো খোলা হৈছে। এই পৰীক্ষা কেন্দ্ৰৰ যোগেদি চাহপাত উৎপাদনৰ দিশত থকা বিভিন্ন বিষয়বোৰৰ ওপৰত অধ্যয়ন, সমীক্ষা আদি চলোৱা হৈছে আৰু চাহপাত উঞপাদনৰ দিশত যাতে অসমখন আগুৱাই যাব পাৰে, সেই দিশত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা হৈছে।

এটা বৃহৎ উদ্যোগ বা শিল্প ৰূপে চাহ খেতি : অসমৰ চাহ খেতিক এটা বৃহৎ উদ্যোগ বা শিল্প স্বৰূপেও অভিহিত কৰিব পাৰি । প্ৰথম কথা চাহ খেতি বা চাহ শিল্পৰ কাৰণে যথেষ্ট পৰিমাণৰ মাটিৰ দৰকাৰ। চাহ বাগিছা একোখন ভালদৰে প্ৰস্তুত কৰি উলিয়াবৰ বাবে কমেও ১০০ হেক্টৰমান মাটিৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি এই শিল্পত বনুৱা আৰু অন্যান্য বিষয়াকে ধৰি বৃহৎ পৰিমাণৰ মানৱ সম্পদৰো প্ৰয়োজন হয়। বৃটিছসকলে পোনতে যেতিয়া অসমত চাহ শিল্পৰ আৰম্ভণি কৰিছিল, তেতিয়া বনুৱা হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ আনিছিল। সেইদৰে কল-কাৰখানা, অফিচ, আদি চলাবৰ বাবেও তেওঁলোকে বহুতসংখ্যক লোক ভাৰতৰ বেলেগ বেলেগ ঠাইৰ পৰা আনিছিল। এইদৰে চাহ শিল্পৰ সৈতে বহুতো লোক সংশ্লিষ্ট হৈ পৰিছে। বৰ্তমান অসমৰ চাহ শিল্পৰ যোগেদি প্ৰস্তুত হোৱা চাহবোৰ বিক্ৰী কৰিবৰ বাবে নীলাম কেন্দ্ৰও স্থাপিত হৈছে। অসমৰ গুৱাহাটীত ১৯৭০ চনৰ পৰা চাহপাত বিক্ৰী কৰিবৰ বাবে এটা নীলাম কেন্দ্ৰ স্থাপন হৈছে। কিন্তু এই নীলাম কেন্দ্ৰটো স্থাপন হোৱাৰ আগেয়ে অসমত উৎপাদিত সকলোবোৰ চাহপাতেই কলকাতাৰ কেন্দ্ৰৰ যোগেদিয়েই বিক্ৰী হৈছিল। চাহপাত বিক্ৰীৰ কাৰণে এই কেন্দ্ৰ স্থাপন হোৱাৰ লগে লগে অসমৰ অন্যান্য কিছুমান দিশতো উন্নতি সাধন হৈছে। ইয়াৰ ফলস্বৰূপেই আমিনগাঁৱত এটা অন্তর্দেশীয় বন্দৰো গঢ়ি উঠিছে। চাহ বনুৱাসকলৰ উন্নতিকল্পে অসমৰ চাহ বাগিচাসমূহৰ মাজতেই পঢ়াশালি, চিকিৎসালয় আদিও স্থাপন হৈছে আৰু সেইবোৰত অসমীয়া এই উদ্যোগী চাহ খেতিয়কসকলৰ ভিতৰত মণিৰাম দেৱানকেই প্ৰথম বুলি কোৱা হয় । তেওঁ চিনামৰাত চাহ বাগিচা পাতি এই খেতি কৰিবলৈ আৰম্ভ কৰে।

অসমত চাহ খেতিৰ বৰ্তমানৰ অৱস্থা : বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰত অসম ৰাজ্যই আটাইতকৈ বেছি চাহপাত উৎপাদন কৰে। ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ মুঠ পৰিমাণৰ ৫৪% ই অসমত উৎপাদিত হয় বুলি জনা যায়। বৰ্তমানৰ বিশ্বৰ ২৯ খন চাহ যুৱকৰ নিযুক্তিও বৃদ্ধি পাইছে। এইদৰে দেখা যায় চাহ শিল্পই অসমৰ উন্নতিৰ বহুতো দিশত সহায় আগবঢ়াইছে।

অসমৰ চাহ খেতিৰ উন্নতি আৰু চাহ ব’ৰ্ডৰ কেন্দ্ৰীয় কাৰ্যালয়: বর্তমান ভাৰত চৰকাৰে অসমৰ লগতে অন্যান্য প্ৰদেশৰ চাহ শিল্পৰ উন্নতিৰ কামৰ তদাৰক কৰিবলৈ ভাৰতীয় চাহ ব’ৰ্ড গঠন কৰিছে যদিও এই চাহ ব’ৰ্ডৰ প্ৰধান কাৰ্যালয় বর্তমানে কলকাতাত আছে। এই কাৰ্যালয়ৰ পৰাই ভাৰতবৰ্ষৰ চাহ খেতি সংক্রান্ত সমগ্ৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা হয়। এই কার্যালয়ত বহুসংখ্যক কৰ্মচাৰীৰ নিয়োগ হৈছে। কিন্তু এই প্ৰসংগতেই উল্লেখযোগ্য যে অসমতেই যিহেতু ভাৰতৰ উৎপাদিত চাহৰ আধা অংশতকৈয়ো বেছি। উৎপাদন হয়, সেয়ে এই কাৰ্যালয় অসমৰ গুৱাহাটীত হোৱা বাঞ্ছনীয়। তেতিয়াহ’লে অসমৰ থলৱা যুৱকে ইয়াত ন্যায্য নিয়োগৰ সুবিধা লাভ কৰিব।

সামৰণি: বৃটিছসকলৰ আগমনৰ সময়ৰে পৰা এইদৰে অসমৰ চাহ শিল্পই অগ্রগতি লাভ কৰি আহিছে। অসমৰ এই চাহ শিল্পই অসম ৰাজ্যক বিভিন্ন দিশেৰে লাভবান কৰি তোলাৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিতো এক সবল ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অসমৰ সাংস্কৃতিক দিশতো এই শিল্পৰ লগত জড়িত লোকসকলে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ফলস্বৰূপেই ভাৰতৰ অন্যান্য প্ৰান্তৰ কিছুমান লোকৰ সৈতে অসমৰ মানুহৰ সাংস্কৃতিক মিলনো সাধন হৈছে। সেয়ে অসমৰ চাহ শিল্পৰ উন্নতিত চৰকাৰে বিশেষ নজৰ দি, চাহ ব’ৰ্ডৰ কেন্দ্ৰীয় কাৰ্যালয় এটা অসমত স্থাপন কৰিবলৈ মনোযোগ আকৰ্ষণ কৰা উচিত। তেতিয়াহ’লে ভাৰতৰ লগত অসমৰ উন্নতিৰ দিশত এই শিল্পই আৰু অধিক বৰঙণি আগবঢ়াব ।

Leave a Comment