কেন্দ্ৰ আৰু ৰাজ্য সম্পৰ্ক(Centre-State Relations)

সংবিধানৰ একাদশ আৰু দ্বাদশ অংশত কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে বিশদভাৱে বৰ্ণিত আছে। একাদশ অংশত আইনসংক্ৰান্ত আৰু প্ৰশাসনীয় সম্পৰ্কৰ বিষয়ে আৰু দ্বাদশ অংশত বিত্তীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰা আছে।

কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ আইনসংক্ৰান্ত সম্পৰ্ক(Legislative Relations Between Union and the States):

কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা আইনসংক্ৰান্ত সম্পৰ্কৰ বিষয়ে সংবিধানৰ একাদশ অংশত বৰ্ণিত আছে। সংবিধান ৰচকসকলে কানাডা সংবিধানত আৰ্হিত ভাৰতবৰ্ষৰ আইনসংক্ৰান্ত ক্ষমতাবোৰ তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ কৰি দেছে আৰু অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্ৰণয়নৰ দায়িত্ব কেন্দ্ৰ হাতত ন্যস্ত কৰিছে। সংবিধানৰ সপ্তম অনুসূচীত উল্লেখ থকা সূচী তিনিখন হ’ল—

১. কেন্দ্ৰীয় সূচী(Union List), ২. ৰাজ্যিক সূচী(State List) আৰু ৩. সমৱৰ্তী সূচী(Concurrent List)

১. কেন্দ্ৰীয় সূচী(Union List)ঃ কেন্দ্ৰীয় সূচীখন হ’ল আটাইতকৈ দীঘলীয়া সূচী। ইয়াত ৯৭ টা বিষয় অন্তৰ্ভুক্ত কৰা আছিল। কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় সংসদে আইন প্ৰণয়ন কৰাৰ অধিকাৰ লাভ কৰিছে। এই বিষয়বোৰৰ ওপৰত ৰাজ্যিক বিধানমণ্ডলে আইন প্ৰণয়ন কৰিব নোৱাৰে। বৰ্তমান কেন্দ্ৰীয় সূচীভুক্ত বিষয়ৰ সংখ্যা হ’ল ৯৮টা। সংবিধানৰ সপ্তম সংশোধনৰ জৰিয়তে ৩৩-নং বিষয়টো উঠাই দিয়া হৈছে আৰু ষষ্ঠ সংশোধনৰ জৰিয়তে ৯২ (ক) আৰু ৪২-তম সংশোধনৰ জৰিয়তে ২(ক) অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় সূচীত উল্লেখ কৰা বিষয়বোৰ হ’লঃ প্ৰতিৰক্ষা, বৈদেশিক সম্বন্ধ, মুদ্ৰা, শান্তি আৰু যুদ্ধ, পাৰমাণৱিক শক্তি, ৰে’ল পৰিবহণ, নাগৰিকত্ব, নিবাৰ্চন ইত্যাদি।

২. ৰাজ্যিক সূচী(State List)ঃ ৰাজ্যিক বিধানমণ্ডলে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। ৰাজ্যিকসূচীত ৬৬ টা বিষয় উল্লেখ আছে, কিন্তু বৰ্তমান ৬১টা বিষয়হে কাৰ্যক্ষম হৈ আছে। সংবিধানৰ সপ্তম সংশোধনৰ জৰিয়তে ৩৬-নং বিষয়টো আৰু ৪২-তম সংশোধনৰ জৰিয়তে ১১,১৯,২০ আৰু ২৯ নম্বৰত উল্লেখ থকা বিষয়বোৰ উঠাই দিয়া হৈছে। ৰাজ্যিক সূচীত উল্লেখ থকা বিষয়বোৰ হ’লঃ পুলিচ, অৱসৰ ভাট্টা, স্থানীয় শাসন, জনস্বাস্থ্য, পুথিভড়াল, যাতায়াত, কৃষি, পানী যোগান ইত্যাদি। অৱশ্যে বিশেষ পৰিস্থিতিত কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন-প্ৰণয়ন কৰিব পাৰে।

৩. সমৱৰ্তী সূচী(Concurrent List)ঃ কেন্দ্ৰীয় সংসদ নাইবা ৰাজ্যিক বিধানমণ্ডল উভয়ৰে সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত বিষয়বোৰৰ ওপৰত আইন-প্ৰণয়ন কৰাৰ অধিকাৰ আছে। সমৱৰ্তী সূচীত প্ৰথমতে ৪৭টা বিষয়ৰ কথা উল্লেখ আছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা হ’ল ৫২টা। সংবিধানৰ ৪২তম সংশোধনৰ দ্বাৰা ১১(ক), ১৭ (ক), ১৭ (খ), ২০(ক) আৰু ৩৩ (ক) নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। সমৱৰ্তী সূচীক বিষয়বোৰ হ’লঃ শিক্ষা, বিবাহ, বিবাহ বিচ্ছেদ, কৃষিৰ মাটিৰ বাহিৰে আন সম্পত্তি হস্তান্তৰ, জন্ম নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনা মূল্য নিয়ন্ত্ৰণ ইত্যাদি।

৪। অৱশিষ্ট বিষয়বোৰ(Residuary Subjects)ঃ সংবিধানৰ তিনিখন সূচীত অন্তৰ্ভুক্ত নোহাৱা অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্ৰণয়ন ক্ষমতা কেন্দ্ৰীয় সংসদৰ ওপৰত ন্যস্ত কৰিছে। সংবিধানৰ ২৪৮-নং অনুচ্ছেদত বৰ্ণিত আছে যে ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীত উল্লেখ নথকা বিষয়বোৰৰ ওপৰত কেন্দ্ৰীয় সংসদৰ আইন প্ৰণয়ণ কৰাৰ অধিকাৰ থাকিব।

Leave a Comment