অসমৰ কুটীৰ বা ঘৰুৱা শিল্প ৰচনা

অসমৰ কুটীৰ বা ঘৰুৱা শিল্প

আৰম্ভণিঃ যিবিলাক শিল্প কম খৰচতে নিজৰ ঘৰতে থাকি নাইবা নিজৰ হাতেৰেই চলাব পাৰি, সেইবিলাককেই সাধাৰণতে কুটীৰ বা ঘৰুৱা শিল্প বুলি কোৱা হয় ৷ বৰ্তমান সময়ত দেশ এখনৰ অর্থনৈতিক প্রগতিত বৃহৎ উদ্যোগ বা শিল্পসমূহৰ লগত কুটীৰ শিল্পয়ো এক বিশিষ্ট বৰঙণি আগবঢ়াইছে। বিশেষকৈ অর্থনৈতিকভাৱে অনগ্ৰসৰ গাঁৱলীয়া লোকসকলৰ অৰ্থনৈতিক প্ৰগতিত কুটীৰ বা ঘৰুৱা শিল্পসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। গাঁৱৰ দুখীয়া লোকসকলে নিজৰ ঘৰতে থাকি আজৰি সময়তে এই ঘৰুৱা শিল্পবোৰত নিজকে জড়িত কৰিব পাৰে। গতিকে গাঁৱলীয়া মানুহৰ উন্নতিত কুটীৰ শিল্পৰ প্ৰয়োজন আছে।

অসমৰ কুটীৰ শিল্পৰ প্ৰাচীনত্ব : ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্ব অঞ্চলত অৱস্থিত আমাৰ অসম ৰাজ্যখন অতি পুৰণি কালৰ পৰাই কুটীৰ শিল্পত চহকী। এনেকি প্ৰাচীন কালৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনেও উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনলৈ অসমৰ কুটীৰ শিল্পৰ লগত জড়িত লোকে সাজি উলিওৱা বস্তু কেইপদমান আগবঢ়াইহে গৌৰৱবোধ কৰিছিল। হৰ্ষবৰ্ধনলৈ আগবঢ়োৱা এই বস্তুবোৰৰ ভিতৰত আছিল পাটৰ কাপোৰ, কাঁহৰ বাচন, হাতী দাঁতৰ বস্তু, বাঁহৰ ফুলাম জাপি আদি। অসমৰ আহোম-কোঁচ আদি ৰজাসকলেও কুটীৰ শিল্পৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছিল বুলি গম পোৱা যায় প্রাচীনকালত ৰচিত অসমীয়া কিছুমান সাহিত্যগ্ৰন্থৰ পৰা। কোঁচ ৰজা মহাৰাজ নৰনাৰায়ণে অর্থনৈতিক দিশত সেই সময়ৰ মানুহবোৰৰ উন্নতিকল্পে কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব দি উজনিৰ পৰা বিভিন্ন শিল্পৰ লগত জড়িত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আনি নামনি অসমত স্থাপন কৰিছিল। প্ৰাচীন কালৰেপৰা অসমৰ তিৰোতা আনকি কিছুসংখ্যক পুৰুষো বয়ন শিল্পৰ লগত জড়িত আছিল বুলি পুৰণি সাহিত্যৰ আধাৰত বুজি পোৱা যায়। অসমত অতি পূৰ্বৰেপৰা বৃত্তিয়াল জাতি হিচাপে থকা সোণাৰী, কমাৰ, কুমাৰ, তাঁতী আদি জাতি-সম্প্রদায়বোৰেও অসমৰ কুটীৰ শিল্পৰ অস্তিত্বৰ প্ৰমাণ দাঙি ধৰে। এই কথাবোৰৰপৰা এই কথা স্বাভাৱিকতে গ্ৰহণ কৰিব পাৰি যে প্ৰাচীন। অসম কুটীৰ শিল্পত চহকী আছিল।

অসমৰ কুটীৰ শিল্পৰ বৰ্তমান অৱস্থা : অসমত কুটীৰ শিল্পৰ অৱনতি ঘটিছে যদিও এতিয়াও এইবোৰ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱা নাই। বৰ্তমান অসমৰ কুটীৰ শিল্পৰ ভিতৰত তাঁত শিল্প, এৰী, মুগা, পাটৰ কাম, কাঁহ-পিতলৰ বাচন তৈয়াৰ কৰা শিল্প, মাটিৰ বাচন তৈয়াৰ কৰা শিল্প, হাতী দাঁতৰ বিবিধ বস্তু তৈয়াৰ কৰা শিল্প, বাঁহ-বেত আদিৰে বিবিধ বস্তু তৈয়াৰ কৰা শিল্প আদিয়েই উল্লেখযোগ্য। অসমত বৰ্তমানে কুটীৰ শিল্প হিচাপে সোণ-ৰূপ আদিৰ অলংকাৰ তৈয়াৰ কৰা শিল্পৰ প্ৰচলনো দেখা যায়। অসমৰ কিছুমান ঠাই এতিয়াও বিশিষ্ট কিছুমান শিল্পৰ লগত জড়িত আৰু সেইবোৰ ঠাই অসমৰ ভূগোল-বুৰঞ্জীত সেই হিচাপেই বিখ্যাত হৈ পৰিছে। উদাহৰণস্বৰূপে অসমৰ শুৱালকুছি পাট-মুগা কাপোৰৰ শিল্পৰ বাবে বিখ্যাত, হাজো পিতলৰ বাচন তৈয়াৰ কৰা শিল্পৰ বাবে বিখ্যাত। সেইদৰে সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত আৰু বৰপেটা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত। এইবোৰ অঞ্চলৰ শিল্পজাত বস্তুবোৰৰ আকৰ্ষণ এতিয়াও সমগ্র অসমতে দেখা যায়। অসমৰ বয়ন শিল্পৰ পূৰ্বৰ ঐতিহ্য এতিয়া নাই যদিও এই শিল্প এতিয়াও অসমত লুপ্ত হৈ যোৱা নাই। এতিয়াও অসমত এনেকুৱা তিৰোতা আছে, যিসকলে নিজৰ নিজৰ ঘৰুৱা প্ৰয়োজনৰ বাবে সুন্দৰ সুন্দৰ কাপোৰ এতিয়াও বই উলিয়াই আছে। এইবোৰ কথাৰপৰা বুজিব পাৰি যে অসমত কুটীৰ শিল্পসমূহৰ অৱস্থা এতিয়া শোচনীয় অৱস্থাত আছে যদিও বহুত শিল্পই তাৰ মৰ্যাদা এতিয়াও অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈ আহিছে। কেৱল এই শিল্পজাত সামগ্ৰীবোৰৰ ব্যাপক প্রচলন নোহোৱাৰ ফলস্বৰূপে বহুতো শিল্পীয়ে এইবোৰৰ লগত জড়িত হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছে।

অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ : অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণসমূহ ভিন্‌ ভিন্‌ ধৰণৰ। এই ক্ষেত্ৰত প্ৰথমে যান্ত্ৰিক যুগত যন্ত্রশিল্পৰে তৈয়াৰী বস্তুৰ সৈতে কুটীৰ শিল্পজাত সামগ্ৰীসমূহে ফেৰ মাৰিব নোৱৰাটোৱেই মুখ কাৰণ বুলি ক’ব লাগিব ৷ বৰ্তমান যুগটো হৈছে সঁচাকৈয়ে যন্ত্ৰৰ যুগ। এই যন্ত্ৰৰ যুগত যন্ত্ৰৰ সহায়ত বৃহৎ উদ্যোগসমূহৰ জৰিয়তে কম সময়তে আৰু কম খৰচতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুসমূহ তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হোৱা দেখা গৈছে। যন্ত্ৰৰ সহায়ত সাজি উলিওৱা এই বস্তুবোৰৰ তুলনাত কুটীৰ শিল্পজাত সামগ্ৰীৰ দাম বেছি হোৱা বাবে স্বাভাৱিকতে সেইবোৰ বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ি গৈছে। ফলস্বৰূপে কুটীৰ শিল্পজাত সামগ্ৰীৰ সমাদৰ কমি গৈছে আৰু এই শিল্পসমূহ দুৰ্যোগৰ সন্মুখীন হৈছে।

দ্বিতীয়তে, বৰ্তমান মানুহৰ ৰুচিৰ পৰিৱৰ্তনো কুটীৰ শিল্পসমূহৰ অৱনতিৰ অন্য এটা কাৰণ। মানুহে বৰ্তমানে যন্ত্ৰৰ দ্বাৰা তৈয়াৰী বস্তু ব্যৱহাৰ কৰিহে মানসিকভাৱে শাস্তি লাভ কৰে আৰু সেয়ে তেনেবোৰ শিল্পজাত বস্তু ব্যৱহাৰৰ প্ৰতিহে অসমীয়া মানুহৰ নিচা দেখা গৈছে।

তৃতীয়তে বর্তমানে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰীসমূহৰ দুর্মূল্য আৰু দুষ্প্ৰাপ্যতাও কুটীৰ শিল্পৰ অৱনতিৰ অন্য এক কাৰণ হৈ পৰিছে। কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ বৰ্তমানে কমি গৈছে আৰু সেইবোৰৰ দামো অত্যধিক হৈ গৈছে। সেয়ে সেইবোৰৰ দ্বাৰা তৈয়াৰী বস্তুবোৰৰ দামো বৃদ্ধি কৰিবলগীয়া হৈছে আৰু ফলস্বৰূপে সেই সামগ্ৰীবোৰে উপযুক্ত বজাৰ নোপোৱা হৈছে। কুটীৰ শিল্পজাত সামগ্ৰীৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণে এই শিল্পীসকলৰ অৰ্থনৈতিক জীৱনো লাহে লাহে দুৰ্বলৰ পৰা দুৰ্বলতৰ অৱস্থালৈ গতি কৰিছে। মূলতঃ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ হিচাপে এইবোৰকেই উল্লেখ কৰিব পাৰি।

সামৰণি : কিন্তু বৰ্তমান অসমত কুটীৰ শিল্পৰ এনে অৱনতি দেখা গৈছে যদিও, অসমৰ গ্ৰাম্য অৰ্থনীতিত কুটীৰ শিল্পৰ বিশিষ্ট ভূমিকা আছে। অসমৰ মানুহে এই শিল্পৰ উন্নতিৰ বাবে প্ৰয়োজনীয় চেষ্টা আৰু ব্যৱস্থা কৰা দৰকাৰ। মহামানৱ মহাত্মা গান্ধীয়েও অসমৰ কুটীৰ শিল্পৰ প্ৰতি অসমীয়া মানুহৰ মনোযোগ আকৰ্ষণ কৰি এই কুটীৰ শিল্পৰ লগত গ্ৰাম্য মানুহৰ অৰ্থনৈতিক প্রগতি জড়িত আছে বুলি কৈছিল। বৰ্তমান অসমৰ গাঁওবাসীৰ অধিকাংশ লোকেই কৃষিজীৱী। অসমীয়া কৃষিজীৱী এই লোকসকলে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ পৰিপূৰক হিচাপে কুটীৰ শিল্পতো যদি মনোযোগ দিয়ে তেতিয়াহ’লে অসমীয়া গাঁৱলীয়া লোকসকলৰ অৰ্থনৈতিক উন্নতি যে সাধন হ’ব সেয়া নিশ্চিত। কুটীৰ শিল্পৰ উন্নতি কৰিবলৈ হ’লে অসমীয়া মানুহৰ সংঘবদ্ধ প্রচেষ্টা প্রয়োজনীয়। লগতে চৰকাৰৰ ফালৰপৰাও এই শিল্পৰ উন্নতিকল্পে বিশেষ গুরুত্ব আৰোপ কৰিব লাগিব। কুটীৰ শিল্পৰ আধুনিকীকৰণ কৰি আৰু সেই শিল্পৰ লগত জড়িত আগৰ ব্যৱস্থাৰ লগতে আধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ কৰিলেহে এই শিল্পৰ উন্নতি সম্ভৱ হ’ব। তেনে কৰিলে কুটীৰ শিল্পজাত সামগ্ৰীৰ দামো কিছু পৰিমাণে কমি যাব; এই সামগ্ৰীবোৰে তেতিয়া উপযুক্ত বজাৰো পাব আৰু এনেদৰে বজাৰ পালে ইয়াৰ লগত জড়িত শিল্পীসকলৰ অৰ্থনৈতিক জীৱনৰো উন্নতি হ’ব। কুটীৰ শিল্পৰ এই উন্নতিয়ে অসমৰ নিবনুৱা সমস্যাৰ সমাধানতো কিছু পৰিমাণে হ’লেও সহায় কৰিব। সেয়ে অসমৰ অৰ্থনীতিৰ উন্নতিৰ বাবে কুটীৰ শিল্পসমূহৰ উন্নতিও অপৰিহাৰ্য ।

Leave a Comment