ডিম্বেশ্বৰ নেওগৰ বিষয়ে চমুকৈ | Dimbeswar Neog

ডিম্বেশ্বৰ নেওগ(১৮৯৯-১৯৬৬)

অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত ডিম্বেশ্বৰ নেওগ একাধাৰে কবি, নিৰ্ভীক সমালোচক আৰু গৱেষক। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্ৰাহী-প্ৰবক্তা আৰু সমালোচক, লোক-সাহিত্যৰ সংগ্ৰাহক তথা আধুনিক যুগৰ (প্ৰথমচোৱা) অসমীয়া সাহিত্যৰ এজন লব্ধ প্ৰতিষ্ঠ ব্যাখ্যাকাৰ নেওগৰ জন্ম ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমালফদীয়া গাঁৱত। পিতৃ মানিক চন্দ্ৰ নেওগ। শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ কটন কলেজৰপৰা বি.এছ.ছি পাছ কৰি তৰকাৰী স্কুলৰ শিক্ষক হয়। পাছলৈ এম. এ. আৰু বি. টি. পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰপৰা অৱসৰ লয়। কলেজীয়া সময়ৰ পৰাই ‘বাঁহী’ আলোচনীত প্ৰৱন্ধ আৰু কবিতা প্ৰকাশ কৰা নেওগ ডাঙৰীয়াৰ কবিতা পুথিসমূহ হ’ল, মালিকা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, মুকুতা, স্বহীদ, কাৰবালা, থাপনা আদি। আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতি গুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ, প্ৰাক্ ঐতিহাসিক অসম Growth of the Asamiya language আদিকে ধৰি কেইবাখনো সমালোতনাত্মক গ্ৰন্থ নেওগদেৱে ৰচনা কৰিছিল। আৱাহন আলোচনীত প্ৰকাশিত এই প্ৰৱন্ধটিৰ মাজেৰে ছাত্ৰ-জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দেহৰ উন্নতি সাধন কৰাই যে শিক্ষাৰ উদ্দেশ্য হ’ব লাগে তাক প্ৰকাশ কৰা হৈছে। শিৱসাগৰৰ মেটেকাত এই প্ৰৱন্ধটি পাঠ কৰে।

Leave a Comment