মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ

মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ

আৰম্ভণিঃ মাদকদ্ৰব্যৰ ব্যৱহাৰ বৰ্তমানৰ সমাজত এক ব্যাধিস্বৰূপে দেখা দিছে। বৰ্তমান সমাজৰ বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান বস্তু বা দ্ৰব্য সেৱন কৰিবলৈ লৈছে যিবোৰৰ সেৱনৰ ফলস্বৰূপে মানুহে নিজকে পাহৰি যায় আৰু কেতিয়াবা কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়। এনে ধৰণৰ দ্ৰব্যবোৰকে মাদক দ্রব্য বা ৰাগিয়াল বস্তু বোলে। মানুহৰ জীৱনত এই বস্তুবোৰে ক’ব নোৱৰাকৈয়ে অপকাৰ সাধন কৰে। আমাৰ দেশত বর্তমানে প্রয়োগ হোৱা মদ, ভাং, কানি আৰু ধঁপাতেই হ’ল সাধাৰণ মাদকদ্রব্য। ভাৰতবৰ্ষৰ পুৰণি কালত কিছুমান ধৰ্মীয় অনুষ্ঠানত মাদকদ্ৰব্যৰ ব্যৱহাৰ কৰা হৈছিল যদিও, ইয়াৰ ব্যৱহাৰ কিন্তু সীমিত ৰূপত আছিল। কিন্তু পৰৱৰ্তী সময়ত ভাৰতত ইয়াৰ প্ৰচলন বাঢ়ি যাবলৈ ধৰে আৰু দৈনন্দিন জীৱনত যিকোনো এবিধ বা তাতকৈ বেছি মাদকদ্ৰব্য সেৱন কৰাটো মানুহৰ অভ্যাসত পৰিণত হ’ল। বৰ্তমানে ইয়াৰ উপৰি ভাৰতত এবিধ ভয়াবহ মাদকদ্ৰব্যৰ ব্যৱহাৰ চলিবলৈ ধৰিছে আৰু সেইবিধ মাদকদ্ৰব্যই হৈছে ড্রাগ।

মাদকদ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰ : মদ, ভাং, কানি, ধঁপাত আৰু বর্তমানে ভাৰতবৰ্ষত প্ৰয়োগ হ’বলৈ ধৰা ড্রাগ এইকেইবিধেই বিভিন্ন ধৰণৰ মাদকদ্রব্য। কিছুদিন আগলৈকে মদ, ভাং আৰু কানি এই তিনিবিধ মাদকদ্রব্যই ভাৰতবৰ্ষত প্ৰধানকৈ প্রচলন হৈছিল। বৰ্তমানে ভাৰতবৰ্ষৰ প্ৰায় সকলোতে মদৰ প্ৰচলন দেখা যায় আৰু সমাজৰ বিভিন্ন লোকে, বিশেষকৈ ডেকা ল’ৰাসকলৰ বহুতেই মদ খোৱা অভ্যাস কৰিছে। আনকি ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য চৰকাৰেও আর্থিকভাৱে ৰাজকোষ টনকিয়াল কৰিবৰ বাবে মদৰ দোকান খুলিবৰ বাবে অনুজ্ঞাপত্ৰও দিয়া দেখিবলৈ পোৱা গৈছে। সেইদৰে আমাৰ গাঁৱলীয়া সমাজৰ কৃষিজীৱী বহুতো লোকে ভাং আৰু ধঁপাত— এই দুবিধ মাদকদ্রব্যও ব্যৱহাৰ কৰা দেখা যায়। আনকি খেতিয়কসকলৰ উপৰি ডেকা ল’ৰা কিছুমানেও ভাং খাবলৈ ধৰা দেখা গৈছে। বৰ্তমান সময়ত আমাৰ দেশত কানিৰ প্ৰচলন আগৰ দৰে দেখা নাযায় যদিও সীমিত ৰূপত ইয়াৰ ব্যৱহাৰো নাই বুলি ক’ব নোৱাৰি। কিন্তু বৰ্তমান সময়ত আমাৰ দেশত ‘ড্রাগ’ নামৰ মাদকদ্রব্য বিধৰ প্ৰচলনহে ভালকৈয়ে হ’ব ধৰা দেখা গৈছে। এইবিধ মাদকদ্রব্যক জীৱনান্তক মাদকদ্রব্য বুলি ধৰা হয়। হেৰোইন, কোকেন, হাছিছ, ব্ৰাউন ছুগাৰ আদি বিভিন্ন নামেৰে এই মাৰাত্মক মাদকদ্রব্য বিধ ভাৰতত প্ৰৱেশ কৰিছে আৰু ভাৰতীয় যুৱ সমাজক এই মাদকদ্রব্য বিধে ভালদৰে ক্ষতিগ্ৰস্ত কৰি তুলিছে। মধ্যপ্রাচ্যৰপৰা পাকিস্তানৰ মাজেৰে এই মাদকদ্রব্য ভাৰতলৈ আহে আৰু ভাৰতত বিতৰণ হোৱাৰ পিছত বাকী অংশ ব্ৰহ্মদেশ, ছিংগাপুৰ আদিলৈ যায় ৷

মাদকদ্রব্যসমূহৰ সামান্য উপকাৰ : মাদকদ্ৰব্য সেৱন কৰাৰ পৰা উপকাৰ হোৱা দেখা যায় যদিও এই উপকাৰ সামান্য পৰিমাণৰহে বুলি ক’ব পাৰি। আগেয়ে মদ জাতীয় ৰাগিয়াল বস্তুক স্নায়ু উত্তেজক বুলি ধৰা হৈছিল আৰু অস্ত্ৰোপচাৰৰ সময়তো ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। সেইদৰে ভাং আৰু কানি বা আফিঙকো কিছুমান ঔষধ প্রস্তুতিত সামগ্ৰী হিচাপে লোৱা হয়। মাদকদ্ৰব্য সেৱনৰ উপকাৰ আছে যদিও ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। নির্দিষ্ট পৰিমাণৰ মাদকদ্ৰব্যৰ সেৱনে মানুহৰ দৈহিক উপকাৰ সাধন কৰে বুলি কোৱা হয় যদিও মানুহে মাদকদ্রব্য সেৱন কৰিবলৈ ল’লে সাধাৰণতে সেই পৰিমাণ ৰক্ষা কৰিব নোৱৰা হয় আৰু ফলস্বৰূপে ক্ৰমে ক্ৰমে মাদকদ্ৰব্য সেৱনৰ পৰিমাণ বাঢ়ি যায় আৰু ক’ব নোৱৰাকৈয়ে উপকাৰৰ সলনি মাদকদ্রব্যসমূহে মানুহৰ অপকাৰ সাধন কৰিবলৈ লোৱাহে দেখা যায়।

মাদকদ্ৰব্য সেৱনৰ ফলত হোৱা ভয়ংকৰ অপকাৰ : মাদকদ্ৰব্য সেৱনৰ ফলস্বৰূপে যে আমাৰ দেশৰ মানুহৰ যথেষ্ট প্ৰকাৰৰ অপকাৰ হৈছে সেয়া অতি সঁচা কথা। মদ খোৱা অভ্যাসৰ ফলত মানুহৰ যথেষ্ট পৰিমাণৰ দৈহিক অনিষ্ট সাধন হোৱাৰ উপৰি এই অভ্যাসে মানুহৰ পাৰিবাৰিক আৰু সামাজিক শান্তিও বিনষ্ট কৰি তোলে। মদ খাই খাই মানুহ কেতিয়াবা দুৰাৰোগ্য বেমাৰতো ভুগিবলগীয়া হয়। মদে মানুহৰ হাওঁফাওঁ নষ্ট কৰে আৰু অত্যধিক মদখোৱা মানুহৰ যক্ষ্মা আৰু অন্যান্য নানাপ্রকাৰৰ হৃদৰোগ হোৱাও দেখা যায়। মদ খোৱা মানুহে ন্যায়-অন্যায় বিচাৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়, আনকি হত্যা আদিৰ নিচিনা নিদাৰুণ কাম কৰিবলৈকো কুণ্ঠাবোধ নকৰা হয়। মদ খোৱা মানুহৰ সংখ্যা কোনো সমাজত বাঢ়ি গ’লে সেইখন সমাজত সততে কাজিয়াৰ সৃষ্টি হয়; সামান্য কথাতে গালি-গালাজ আৰম্ভ হয় আৰু সেয়ে তেনে সমাজত অধ্যয়ন নাইবা অন্য গঠনমূলক কাম-কাজ কৰাৰ পৰিৱেশ নোহোৱা হয় । সেইদৰে ভাং খাবলৈ ল’লে মানুহ নিষ্কর্মা হৈ পৰে আৰু এলেহুৱা জীৱন-যাপন কৰিবলৈ লয় বাবে উন্নতি বিঘ্নিত হয়। অত্যধিক কানি সেৱন কৰাৰ ফলতো মানুহ বিভিন্ন বেমাৰৰ সন্মুখীন হয় আৰু মানুহৰ মনো অতি সোনকালেই উদ্বিগ্ন হৈ পৰে। ইয়াৰ উপৰি কানিয়ে মানুহৰ জীৱনীশক্তি হ্ৰাস কৰে আৰু মানুহৰ উৎসাহ-উদ্দীপনা নাশ কৰি মানুহক জীৱন্তে মৃতবৎ কৰি তোলে। ধঁপাত খোৱা আৰু ধূমপান কৰাৰ ফলতো যে দৈহিক ক্ষতি হয় সেই কথাও স্বীকাৰ কৰিব লাগিব। অধ্যধিক ধঁপাত খোৱাৰ ফলত ডিঙি, হাওঁফাওঁ আৰু পেটৰ কৰ্কট ৰোগ হ’ব পাৰে বুলি বহুতে মত দাঙি ধৰে। সেইদৰে আকৌ মাৰাত্মক মাদকদ্রব্য ড্রাগ সেৱন কৰিয়ো বৰ্তমান যুৱক সমাজ বিভিন্ন বেমাৰৰ সন্মুখীন হোৱাৰ লগতে দুৰ্বল আৰু নিশকতীয়া হৈ পৰে বুলি শুনা যায়। এইদৰে মাদক দ্রব্য ব্যৱহাৰে বিভিন্ন পৰ্যায়ৰ মানুহৰ দৈহিক অৱনতি সাধন কৰাৰ উপৰি সামাজিক বিশৃংখলতা যে সৃষ্টি কৰে সেই কথা অতি সত্য আৰু সেয়ে মাদকদ্রব্য সমাজৰ বাবে সাংঘাতিক অপকাৰী বস্তু বুলিয়েই গ্ৰহণ কৰা হয়। বৰ্তমান সময়ত ভয়ংকৰ বেমাৰ ৰূপে চিহ্নিত ‘এইড্‌ছ’ ৰোগো মাদকদ্ৰব্য সেৱনৰ ফলতেই হয় বুলি চিকিৎসকসকলে সকীয়াই দিছে।

মাদকদ্ৰব্যৰ ব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰতিক্ৰিয়া: বৰ্তমান সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মাদকদ্ৰব্যৰ প্ৰচলনৰ কথাত ভাৰতৰ শিক্ষাবিদ, বুদ্ধিজীৱী, মাক-পিতাক আদি ল’ৰা-ছোৱালীৰ অভিভাৱক ব্যক্তিসকলৰ সকলোৱে চিন্তান্বিত হৈ পৰিছে। বিশেষকৈ ছাত্ৰ সমাজত এইবোৰৰ ব্যাপক প্রচলনে সকলোকে চিন্তিত কৰিছে। এই মাদকদ্রব্যসমূহৰ কবলৰ পৰা যেন ছাত্ৰ-ছাত্ৰীসকল আঁতৰি আহে তাকেই সকলোৱে কামনা কৰিছে। সেয়ে সামাজিক স্তৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ উদ্যোগত ৰাইজ তথা ছাত্ৰ সমাজক এইবোৰৰ পৰা আঁতৰি থাকিবলৈ বুজোৱাৰ লগতে প্ৰচাৰ পুস্তিকা বিতৰণৰ যোগেদিও এই কামত আগবঢ়া গৈছে। বিশেষকৈ ড্রাগ নামৰ ভয়ংকৰ মাদকদ্ৰব্য সেৱনত লিপ্ত নহ’বলৈ চৰকাৰৰ পৰাও বিভিন্ন ধৰণে আহ্বান দিয়া হৈছে।

সামৰণি: মাদকদ্ৰব্য সেৱনৰ অভ্যাস একে দিনতেই আঁতৰ কৰি পেলোৱাটো কোনো প্ৰকাৰেই সম্ভৱ নহয়। কিন্তু এই কথা অতি নিশ্চিত যে মাদকদ্ৰব্য সেৱনৰ অভ্যাসে ভাৰতৰ উন্নতিত যথেষ্ট পৰিমাণে বাধাৰ সৃষ্টি কৰিছে। সেয়ে ভাৰতীয় মানুহে বিশেষকৈ ছাত্র সমাজে নিজেই এই কথা হৃদয়ংগম কৰিব লাগিব। মাদকদ্ৰব্যৰ অপকাৰিতা সম্বন্ধে সচেতন হৈ ইয়াৰ পৰা আঁতৰত থাকিব বুলি যদি সকলো ভাৰতীয়ই প্রতিজ্ঞাবদ্ধ হয়, তেতিয়াহ’লে ভাৰতৰ উন্নতি হ’ব, অন্যথাই ইয়াৰ ব্যৱহাৰে যে ভাৰতবাসীক আত্মহননৰ পথলৈ আগবঢ়াই নিব সেয়া ধুৰুপ।

Leave a Comment