পৰিয়াল কল্যাণ আঁচণি | Family Planning

পৰিৱেশৰ উন্নতিৰ বাবে জনসংখ্যা বৃদ্ধি ৰোধ কৰাটো অপৰিহাৰ্য। পৰিকল্পিতভাৱে জনসংখ্যা ৰোধ কৰা ব্যৱস্থাকে পৰিয়াল পৰিকল্পনা বোলা হয়। পৰিয়াল সীমিত হ’লে সেই পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে সুস্বাস্থ্য লাভ কৰি দীৰ্ঘদিন জীয়াই থাকিব। সেয়েহে উন্নয়নশীল প্ৰায়বোৰ দেশতে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰী মধ্যস্থকাক পৰিয়াল পৰিকল্পনাৰ সহায় লোৱা হৈছে। পৰিয়াল পৰিকল্পনাৰ প্ৰধান উপকৰণসমূহ হ’ল-

(১) জনসংযোগ আঁচনি(Public aware): এই আঁচনিৰ জৰিয়তে বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায়ত পৰিয়াল পৰিকল্পনা বা সীমিত পৰিয়ালৰ সফলতাসমূহ প্ৰচাৰ কৰা হয়।

(২) অনুপ্ৰেৰণাৰ ব্যৱস্থা(Incentiv): এই ব্যৱস্থাৰ অধীনত কিছুমান দেশৰ চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি অনুসৰণ কৰা বাবে সংশ্লিষ্ট দম্পত্তিক পুৰস্কৃত কৰে আৰু এনে আঁচনিৰ লগত সহযোগ নকৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।

(৩) বাধ্যতামূলক ব্যৱস্থা(Compulsory family planning): কিছুমান উন্নয়নশীল দেশৰ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বাধ্যতামূলক পৰিয়াল পৰিকল্পনা ব্যৱস্থা ৰূপায়ন কৰে।

Leave a Comment