অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা

আৰম্ভণি : ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰধান অসম ৰাজ্যখন বিভিন্ন সমস্যাৰ দ্বাৰা আক্ৰান্ত। নিবনুৱা সমস্যা, বিদেশী নাগৰিকৰ সমস্যা আদিৰ লগতে অসমৰ বানপানীয়েও এক প্ৰধান সমস্যাৰূপে অসমক জুৰুলা কৰি আহিছে। এই বানপানী অসমত সাময়িকভাৱে হোৱা প্ৰাকৃতিক দুর্যোগেই হৈ থকা নাই, ই অসমৰ অৰ্থনৈতিক উন্নতিকো বাধাগ্ৰস্ত কৰি তুলিছে। কিন্তু এই সমস্যাৰ অৱসান ঘটোৱাৰ প্ৰতি অসমৰ ৰাইজ তথা চৰকাৰে যিখিনি কাম কৰিব লাগিছিল, সেইখিনি কৰা দেখা নাযায় ৷

অসমত বানপানী হোৱাৰ বিভিন্ন কাৰণঃ অসম যে এখন নদীমাতৃক দেশ এই কথা স্পষ্টভাৱে ক’ব পাৰি। অসম ৰাজ্যৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰই বৈ গৈছে আৰু তাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ সৰু-বৰ উপনদীসমূহেও অসমৰ সমভূমিৰ প্ৰায় প্ৰতিখন জিলাকেই স্পৰ্শ কৰি গৈছে। তাৰ লগতেই আকৌ আছে অবিভক্ত কাছাৰ জিলাৰ মাজেৰে বৈ যোৱা বৰাক নদী। অসম যিহেতু ভাৰতৰ ভিতৰতেই আটাইতকৈ বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত এখন, সেয়ে বাৰিষাকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিভিন্ন উপনদীসমূহ বৰষুণৰ পানীৰে ভৰপূৰ হৈ পৰে। সেই পানীবোৰ যেতিয়া আহি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত পৰে আৰু তেতিয়াই ব্ৰহ্মপুত্ৰ আৰু বৰাকত কোবাল সোঁতৰ সৃষ্টি হয়। এই সোঁতৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ পাৰত গৰাখহনীয়া হয় আৰু অত্যধিক পানীবোৰ পাৰ বাগৰি অসমত বানপানীৰ সৃষ্টি কৰে? ৱাৰিষাকালত বৰষুণৰ পানীয়েই যে অসমৰ নৈবোৰক সঞ্জীৱিত কৰে তেনে নহয়, গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰৰ উৎসৰ বৰফ গলিও তাৰ পৰা হোৱা পানীয়ে বানপানীৰ সৃষ্টিত সহায় কৰে। অসমত হোৱা বানপানীৰ এয়া এক প্ৰধান কাৰণ।

অসমৰ বানপানীৰ অন্য এক উপ-কাৰণ হিচাপে ১৯৫০ চনত অসমত হৈ যোৱা প্রলয়কৰ ভূমিকম্পৰ কথাও ক’বলগীয়া হয়। কিয়নো সেই সময়ৰ পাছৰে পৰা অসমৰ বানপানীয়ে তীব্ৰতৰ ৰূপ ধাৰণ কৰিবলৈ লৈছিল। ভূ-বিজ্ঞানীসকলৰ মতে সেই সময়তে অসমৰ নৈ-উপনৈবোৰৰ তলীবোৰ বহু পৰিমাণে ওপৰলৈ দাং খাই উঠিছিল আৰু সেয়ে বৰষুণ অলপ বেছিকৈ হ’লেই নদীবোৰ উপচি পাৰ বাগৰি গৈ বানপানীৰ সৃষ্টি কৰিবলৈ ধৰিলে আৰু সঘনাই হোৱা বানপানীৰ দুৰ্যোগো অসমীয়া ৰাইজে ভুগিবলৈ ল’লে।

বানপানী হোৱাৰ এই প্ৰাকৃতিক কাৰণৰ উপৰি অন্য কিছুমান কাৰণো দেখুৱাব পাৰি। বৰ্তমান সময়ৰ মানুহে গছ-গছনিবোৰৰ ধ্বংস কার্যটোক কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম বুলি বিবেচনা নকৰা হৈছে। এনেকি নৈৰ পাৰৰ গছ-গছনিসমূহো মানুহে বিনাদ্বিধাই কাটিবলৈ লৈছে। ইয়াৰ ফলস্বৰূপে ভূমিস্খলনৰ গতি ৰোধ কৰিব নোৱৰা অৱস্থাত পৰা গৈছে আৰু স্খলিত মাটিবোৰে নৈৰ বুকু বহু পৰিমাণে উদঙাই তুলিছে আৰু সেয়ে অলপ বৰষুণতেই বানপানী হোৱা পৰিলক্ষিত হৈছে।

সেইদৰে আকৌ অপৰিকল্পিতভাৱে সজোৱা ৰাস্তা-ঘাট আৰু দুৰ্বল মথাউৰিবোৰেও অসমত বানপানী হোৱাত বহু পৰিমাণে অৰিহণা যোগাইছে।

বানপানীৰ সময়ৰ অৱস্থা আৰু তাৰ পৰৱৰ্তী অৱস্থা : অসমৰ বানপানীৰ সময়ত মানুহে যে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় সেই কথা সকলো অসমীয়া মানুহেই উপলব্ধি কৰিব পাৰে। কিছুমান মানুহ প্রত্যক্ষভাৱে এই বানপানীৰ বলি হয় আৰু কিছুমান মানুহ পৰোক্ষভাৱে এই বানপানীৰ বলি হয়। অসমৰ বানপানীয়ে নৈৰ পাৰৰ মথাউৰি আদি ভাঙি-ছিঙি কোবাল গতিৰে ওলাই আহে আৰু তেতিয়া তাৰ ওচৰৰ গাঁওবোৰ পানীৰে প্লাৱিত কৰি গঞা ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নাইকিয়া কৰে। মানুহৰ ঘৰ-দুৱাৰ তল যায়, খেতি পথাৰ বহু দিনলৈ পানীত তল যায় আৰু কিছুমান ঠাইত নৈৰ কোবাল সোঁতে মানুহৰ ঘৰ-দুৱাৰ নিশ্চিহ্ন কৰাও দেখা যায়। অসমীয়া কৃষকসকলো বিশেষকৈ এই বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। অসমৰ আহু আৰু শালি দুয়োটা ধান খেতিয়েই বাৰিষা কালত কৰা হয় বাবে বানপানীয়ে ধান খেতি নষ্ট কৰাৰ যোগেদি দুখীয়া খেতিয়কৰ ওপৰত সাংঘাতিক মাধমাৰ শোধায় । বানপানীয়ে পোহনীয়া জীৱ-জন্তু আদি উটুৱাই নিয়ো অসমীয়া দুখীয়া গাঁৱলীয়া ৰাইজক অর্থনৈতিক দিশত যথেষ্ট ক্ষতিগ্ৰস্ত কৰে। অসমৰ বানপানীৰ ফলত নৈৰ পাৰত থকা বহুতো ঠাই নৈৰ খহনীয়াই ধ্বংস কৰাৰ ফলস্বৰূপে কিছুসংখ্যক লোকৰ  খেতিৰ মাটিও নোহোৱা হৈ পৰিছে। ফলস্বৰূপে অসমৰ নিবনুৱা সমস্যাৰ সৃষ্টিতো এই বানপানীয়ে অলপ হ’লেও অৰিহণা যোগাইছে।

বানপানীৰ সময়ৰ এইবোৰ ক্ষয়ক্ষতিৰ উপৰি বানপানীৰ পাছতো অসমীয়া ৰাইজে যথেষ্ট দুর্যোগত ভুগিবলগীয়া হয়। বানপানীৰ পাছত মানুহৰ খোৱা-খাদ্যৰ অভাৱ হয়, বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ, মাৰি-মৰক আৰম্ভ হয় আৰু এইদৰেও বানপানীয়ে অসমৰ ৰাইজক জুৰুলা-জুপুৰা কৰি তোলে। এইদৰে অসমৰ বানপানী অসমৰ গাঁওবাসী ৰাইজৰ বাবে মহাভয়ংকৰ এক সমস্যা ৰূপে গঢ় লৈ উঠিছে আৰু অসমীয়া ৰাইজৰ অৰ্থনৈতিক দিশত বাধাৰ সৃষ্টি কৰিছে। বানপানীয়ে কৰা সামান্য উপকাৰৰ তুলনাত ইয়াৰ অপকাৰ বেছিকৈ হয় বাবে বানপানীক অসমৰ সমস্যা বুলিয়েই লোৱা উচিত।

বানপানী প্ৰতিকাৰৰ উপায় : বৰ্তমান যুগ হৈছে বিজ্ঞানৰ যুগ। এতিয়া আৰু মানুহে প্ৰকৃতিৰ ওপৰতে ধিয়াই হাত সাবটি বহি থকাৰ যুগ নহয়। সেয়ে অসমৰ মানুহে বানপানীক প্রাকৃতিক দুর্যোগ বুলি মানি লৈ থাকিলেই নহ’ব, বানপানী ৰোধ কৰাৰ বাবে তীব্র ব্যৱস্থা হাতত ল’ব লাগিব। এই ক্ষেত্ৰত চৰকাৰে অসমৰ সুবিজ্ঞ অভিযন্তাসকলৰ পৰামৰ্শ লৈ সেই মতে কাম কৰাৰ বাবে ফলপ্রসূ আঁচনি গ্ৰহণ কৰিব লাগিব। অসমত যদি স্থায়ীভাৱে বানপানী নিয়ন্ত্ৰণ কৰিবলগীয়া হয়; তেতিয়া হ’লে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকক নিয়ন্ত্ৰণ কৰিব লাগিব। ব্ৰহ্মপুত্ৰ আৰু বৰাকক যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেতিয়াহ’লে এই নৈ দুখন অসম তথা ভাৰতৰেই উন্নতিৰ ক্ষেত্ৰত প্ৰধান সহায়ক হৈ পৰিব। এই নৈ দুখনৰ পানী নিয়ন্ত্ৰণ কৰিব পৰা গ’লে ইয়াৰ পৰা খেতি পথাৰত উপযুক্তভাৱে পানীৰ যোগান ধৰিব পৰা যাব, জলবিদ্যুৎ উৎপাদন কৰিব পৰা যাব, মৎস্য পালন আদি উদ্যোগবোৰৰো উন্নতি সাধন কৰিব পৰা যাব । সেইদৰে বানপানীৰ ফলত হোৱা গৰাখহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধ কৰাৰ বাবে নৈৰ পাৰত বুৰুজ আদি দিয়াৰ উপৰি ঠায়ে ঠায়ে বান্ধ আদিও দিব লাগিব আৰু উপযুক্ত ধৰণৰ গছ-গছনি ৰোপণৰ ব্যৱস্থা কৰিব লাগিব। অসমৰ বানপানী যে ৰাষ্ট্ৰৰ উন্নতিৰ প্রতিবন্ধক এটা সমস্যা এই কথা কেন্দ্ৰীয় চৰকাৰক ভালদৰে বুজাই কেন্দ্ৰীয় তালিকালৈ এই সমস্যাটো লৈ যোৱাটোও এটা গুৰুত্বপূৰ্ণ কথা বুলি বিবেচনা কৰিব লাগিব।

সামৰণিঃ বানপানী বর্তমানে অসমৰ কাৰণে এক সমস্যা হৈ আছে যদিও সদায়েই যে ই অসমৰ বাবে এক সমস্যা হৈয়েই থাকিব সেই কথা হ’বলৈ দিব নোৱাৰি। এটা সময়ত চীন দেশৰ বিভীষিকাৰূপে পৰিচিত হোৱাংহো নদীক নিয়ন্ত্ৰণ কৰি যিহেতু  বর্তমানে ইয়াক চীন দেশৰ বাবে আশীৰ্বাদ কৰি তুলিব পৰা গৈছে, সেয়ে অসমৰ ব্রহ্মপুত্র নাইবা বৰাক নদীক নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। ইয়াৰ কাৰণে বৰ্তমানৰ ‘ব্ৰহ্মপুত্ৰ বোর্ডে’ উপযুক্ত ভূমিকা ল’ব লাগিব। ‘ব্রহ্মপুত্র মাষ্টাৰ আঁচনিখনো কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। মুঠতে অসমৰ নদীসমূহক নিয়ন্ত্ৰণলৈ আনি অসমৰ উন্নতিকল্পে ইয়াৰ জলসম্পদ ব্যৱহাৰ কৰিবলৈ ল’লে বানপানীৰ সমস্যাত অসমীয়া ৰাইজ বিপর্যস্ত হ’ব নালাগিব। তেতিয়া আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক আদি নৈবোৰৰ পানীয়ে বানপানীৰূপে, এক সমস্যাৰূপে অসমীয়া ৰাইজৰ মাজলৈ নাহি সুখ-সম্পদৰ প্ৰতীকৰূপেহে অসমীয়া মানুহৰ মাজলৈ আহিব আৰু তেনে হোৱাটোহে বাঞ্ছনীয়।

Leave a Comment