অসমৰ লোক-সংস্কৃতি

অসমৰ লোক-সংস্কৃতি

আৰম্ভণি : জগতৰ প্ৰত্যেক জাতিৰে সামগ্ৰিক সত্তা সেই সেই জাতিৰ লোক- সংস্কৃতিৰ জৰিয়তে প্রকাশিত হয়। ইংৰাজী ভাষাৰ ‘ফ’ক্‌ল’ৰ (Folklore) শব্দটোৰ প্রতিশব্দ হিচাপে বর্তমানে লোক সংস্কৃতি শব্দৰ অসমীয়া ভাষাত প্ৰয়োগ হৈ আহিছে আৰু এই শব্দটোৱে বর্তমানে কোনো এখন লোক-সমাজত পৰম্পৰাগতভাৱে চলি অহা সকলোবোৰ ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ কলাগত সৃষ্টিকেই সামৰি লৈছে। প্ৰকৃতাৰ্থত চাবলৈ গ’লে জাতি, সমাজ আৰু লোক-সংস্কৃতি পৰস্পৰে এটা আনটোৰ পৰিপূৰক । লোক-সংস্কৃতিৰ মূল ভিত্তি হ’ল লোক-জীৱন আৰু লোক সংস্কৃতিত সাধাৰণতে লোক-কবিতা বা লোকগীত, লোকনাট, লোক-বিশ্বাস, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদি সকলোবোৰ বিষয়েই সোমাই পৰে।

লোক-সংস্কৃতিৰ ক্ষেত্ৰ : লোক-সংস্কৃতি বুলি ক’লে এটা জাতিৰ জীৱনৰ সকলোবোৰ দিশেই উদ্ভাসিত হৈ পৰে যদিও লোক-সংস্কৃতিৰ পৰিসৰে চাৰিটা ক্ষেত্ৰত ইয়াৰ সমগ্ৰ বিষয়বস্তুক সামৰি লয়। সেই ক্ষেত্ৰ চাৰিটা হ’ল— লোক-সাহিত্য মৌখিক সাহিত্য, সামাজিক প্ৰথা আৰু ৰীতি-নীতি, বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি আৰু পৰিবেশ্য কলা। অইন কথাত লোক-সংস্কৃতিত এটা জাতিৰ লোক-সাহিত্য বা মৌখিক সাহিত্য, সামাজিক ৰীতি-নীতিৰ বিভিন্ন দিশ, বস্তু সংস্কৃতি বা সেই জাতিৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিভিন্ন সা-সঁজুলি আৰু সেই জাতিৰ মাজত প্ৰয়োগ হোৱা বিভিন্ন ধৰণৰ পৰিবেশ্য কলা অর্থাৎ সংগীত, নৃত্য, নাট আদি সকলোবোৰ বিষয়েই সোমাই পৰে ।

অসমৰ লোক-সংস্কৃতিৰ স্বৰূপ : অসম ৰাজ্য ভাৰতবৰ্ষৰ উত্তৰ-পূব প্রান্তত অৱস্থিত এখনি আকাৰত ক্ষুদ্ৰ ৰাজ্য যদিও, কিছুমান বৈশিষ্ট্যৰ দিশেৰে এই ৰাজ্যখন গুৰুত্বপূৰ্ণ। এইখন ৰাজ্য বিভিন্ন ধৰ্ম সম্প্রদায়, বিভিন্ন জতি-সম্প্রদায়, বিভিন্ন ভাষা, সম্প্ৰদায়ৰ মানুহেৰে ভৰপূৰ। এই ৰাজ্যৰ জনসমষ্টিত ধৰ্মৰ ভিত্তিত বর্তমানে হিন্দুসকল সংখ্যাগৰিষ্ঠ যদিও, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ আদি ধৰ্মাৱলম্বী লোকসকলেও সুখে- শান্তিৰে বসবাস কৰি আছে। ইয়াৰ লগতে এইখন দেশত আৰ্য অসমীয়াভাষী লোকৰ সংখ্যাও বেছি যদিও তাৰ লগতেই বঙলা, হিন্দী, উৰিয়া, পাঞ্জাৱী আদি ভাষা-ভাষী লোকো আছে আৰু অতীজৰে পৰা বড়ো, ৰাভা, ডিমাছা আদি লোকো বসবাস কৰি আছে। এইদৰে ভাষা-সম্প্ৰদায়, ধৰ্মীয়-সম্প্ৰদায়ৰ বিভিন্ন লোক থাকিলেও অসম ভূমিত কিন্তু এই সকলো লোকেই মুকলিমূৰীয়া পৰিৱেশত ঐক্য-সংহতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছে আৰু এই লোক-সংস্কৃতিকেই মহান অসমীয়া লোক-সংস্কৃতি বুলি অভিহিত কৰিব পাৰি ।

অসমৰ লোক-সংস্কৃতিৰ বিভিন্ন দিশ : অসমৰ এই মহান লোক-সংস্কৃতিক লোক- সংস্কৃতিৰ ক্ষেত্ৰ অনুসৰি তলত দিয়া ধৰণে বিশ্লেষণ কৰিব পাৰি। অসমৰ মৌখিক বা লোক-সাহিত্য : অসমৰ লোক-সংস্কৃতিৰ প্ৰধান অংগ মৌখিক বা লোক-সাহিত্যসমূহ এবিধ বিশেষ সম্পদ। অসমৰ এই লোক সাহিত্যসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হয় — লোকগীত, ফকৰা-যোজনা, প্ৰবচন আৰু সাধুকথা। অসমৰ লোকগীতসমূহক আকৌ তিনিটা শ্ৰেণীত ভগাব পাৰি- আখ্যানমূলক লোকগীত, অনুষ্ঠানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত। অসমীয়া আখ্যানমূলক লোকগীতসমূহৰ কিছুমান গীত বুৰঞ্জীমূলক, কিছুমান কিম্বদন্তিমূলক আৰু কিছুমান বিবিধ বিষয়ক। বদন বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত বীৰদত্তৰ গীত আদি বুৰঞ্জীমূলক আখ্যান গীত হিচাপে উল্লেখযোগ্য। অনুষ্ঠানমূলক লোকগীতসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে বিহুগীত, বিয়ানাম আৰু অন্যান্য অনুষ্ঠানৰ সৈতে জড়িত গীতসমূহ। বিবিধ বিষয়ক গীতৰ ভিতৰত পৰে নিচুকনি গীত, খেল-ধেমালিৰ গীত আদি। অসমীয়া মুছলমানসকলৰ মাজত প্ৰচলিত জিকিৰ আৰু জাৰি গীতসমূহকো উল্লেখযোগ্য লোকগীত হিচাপে সন্নিৱিষ্ট কৰা হয়। এই গীতবোৰৰ সুৰে যে সকলো অসমীয়া মানুহৰে মন আপ্লুত কৰি তোলে সেই কথাত মুঠেই সন্দেহ নাই। সেইদৰে আকৌ অসমীয়া দেহ-বিচাৰ গীতসমূহো লোকগীতৰ পৰ্যায়ৰ আৰু এই গীতবোৰ আধ্যাত্মিক ভাবসম্পন্ন গীত। অসমীয়া লোক গীতসমূহৰ নিৰ্দিষ্ট ৰচক বিচাৰি পোৱা নাযায় যদিও জাতিটোৰ সহৃদয়তা, মনস্তত্ত্ব, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ধ্যান-ধাৰণা আদি এই লোক গীতসমূহৰ মাজেৰে অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

সেইদৰে অসমীয়া মৌখিক সাহিত্যৰ ভিতৰুৱা ফকৰা-যোজনা-প্রবচন আৰু সাধুকথাবোৰো উল্লেখযোগ্য। ফকৰা-যোজনা-প্রবচন আদিবোৰৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি ওলাই পৰে। সেইদৰে অসমীয়া পূৰ্বৰ সংস্কৃতিৰ বুৰঞ্জী নিৰ্ণয়ৰ বাবে অসমত প্ৰচলিত সাধুকথাবোৰৰ মূল্যও নাই বুলি ক’ব নোৱাৰি।

অসমীয়া সমাজৰ প্ৰথা আৰু ৰীতি-নীতি : অসমীয়া সমাজৰ লোক প্ৰথা আৰু ৰীতি-নীতিসমূহৰ ভিতৰত অসমীয়া সমাজত পুৰণি কালৰে পৰা প্ৰচলিত হৈ অহা বিভিন্ন উৎসৱ অনুষ্ঠান আৰু খেল-ধেমালিসমূহ অন্তর্ভুক্ত হয়। অসমীয়া সমাজত প্রচলিত এই উৎসৱ-অনুষ্ঠান জাতি-ধর্ম-বর্ণ নির্বিশেষে প্রায় সকলো মানুহেই অংশ গ্ৰহণ কৰি সামূহিক উৎসৱ হিচাপেই এইবোৰ অনুষ্ঠিত কৰে। এই উৎসৱসমূহৰ কিছুমান ঋতুভিত্তিক, কিছুমান পঞ্জিকাশ্রয়ী আৰু কিছুমান সংস্কাৰমূলক। সাধাৰণতে ঋতুভিত্তিক আৰু পঞ্জিকাশ্রয়ী উৎসৱসমূহ সামূহিক পৰ্যায়ৰ আৰু সংস্কাৰমূলক উৎসৱসমূহ ব্যক্তিগত পৰ্যায়ৰ। ঋতুভিত্তিক উৎসৱৰ উদাহৰণস্বৰূপে বিহুগীত, শাৰদীয় দুর্গা পূজা, বাসন্তী পূজা আদি উল্লেখযোগ্য। অতীজৰে পৰা অসমত এই উৎসৱসমূহ প্ৰচলিত হৈ  অসমীয়া মানুহক ঐক্যৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। সেইদৰে বৰ্তমানে অসমীয়া জাতিৰ বাবে এটা ডাঙৰ সামূহিক উৎসৱ হৈছে আহিন মাহৰ শুক্লপক্ষৰ দশমীত অনুষ্ঠিত হৈ থকা শংকৰ জন্মোৎসৱ ৷ অসমৰ মহাপুৰুষ শংকৰদেৱ, যিগৰাকী মহান ধৰ্মীয় নেতাই সুদুৰ পঞ্চদশ শতিকাৰ সময়তেই অসমভূমিত আৱিৰ্ভাৱ হৈ বৈষ্ণ ধৰ্মপ অমিয়া বাণীৰে সকলোৰে মন-প্ৰাণত নতুন শক্তি আৰু সাম্যভাৱৰ সৃষ্টি কৰি একতাৰ ডোলেৰে সমগ্ৰ অসমবাসীক বান্ধিছিল, সেইজনা মহাপুৰুষৰ স্মৃতি অমৰ কৰিবলৈ এই উৎসৱ পালন কৰে। এই উৎসৱত সকলোৱে একেলগে সমবেত হৈ মহাপুৰুষগৰাকীৰ প্ৰতি শ্ৰদ্ধাৱন্ত হৈ ঐক্যবদ্ধ হোৱাৰ সংকল্প গ্ৰহণ কৰে। সেয়ে অসমবাসীৰ বাবে এই উৎসৱৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। সেইদৰে অন্যকেইগৰাকী মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ আদিৰ স্মৃতিত অনুষ্ঠিত কৰা উৎসৱসমূহেও একে ভূকিমাকাকেই গ্ৰহণ কৰি আহিছে। অসমত অনুষ্ঠিত অন্যান্য লোক উৎসৱসমূহ হৈছে দৌল, পচেতি, মথেনী, বাম্বোল পূজা, সোণাৰায় পূজা উৎসৱ আদি। সেইদৰে আকৌ বৈছাগু, আলি-আই-লৃগাং আদি উৎসৱসমূহৰ তাৎপর্যও অসমীয়া লোকসংস্কৃতিৰ দিশেৰে গুৰুত্বপূৰ্ণ।

অসমীয়া সমাজৰ প্ৰথা আৰু ৰীতি-নীতিৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ খেল-ধেমালি যেনে, টাংগুটি, হৈ গুদু, হাউখেল, গছকপতি, লুকাভাকু, বাঘা-বোল আদিও উল্লেখযোগ্য। এইবোৰে অসমীয়া গ্ৰাম্য সমাজৰ আজৰিৰ সময়খিনি কু-প্রথা, কু-বিষয় আদি চিন্তা কৰাতকৈ ভাল ধৰণে অতিবাহিত কৰাত অতীজৰে পৰা সহায় কৰি আহিছে।

অসমীয়া বস্তুসংস্কৃতি বা ভৌতিক সংস্কৃতি : অসমীয়া লোক-সংস্কৃতিৰ বিষয়ৰ আলোচনাত অসমীয়া বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতিৰ বিষয়ৰ ওপৰতো আলোকপাত কৰা হয়। অসমীয়া মানুহে কেনেদৰে ঘৰ-দুৱাৰ সাজে, দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কি ধৰণৰ সা-সঁজুলি ব্যৱহাৰ কৰে আৰু অসমীয়া মানুহে কেনে ধৰণৰ বস্ত্ৰ-অলংকাৰ পিন্ধে সেইবোৰলৈ চালে দেখা যায় যে এইবোৰৰ সকলো ক্ষেত্ৰতে অসমীয়া লোকৰ একক সত্তা আছে। সাধাৰণতে অসমীয়া মানুহে সোণ-ৰূপ আদি ধাতুৰ অলংকাৰ পিন্ধে ৷ আগতে অসমীয়া মানুহে কপাহী সূতাৰ কাপোৰকেই পিন্ধিছিল যদিও বস্তু প্ৰয়োগৰ ক্ষেত্ৰত বিশেষকৈ বাঁহ-বেতৰ বস্তু, মাটি আৰু কুহিলাৰ পুতলা, বিভিন্ন ধৰণৰ মুখা আদি উৎপাদন কৰাটো অসমৰ বাবে এতিয়াও উজ্জ্বল পৰম্পৰা হৈয়েই আছে।

পৰিবেশ্য কলা : অসমীয়া সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ পৰিবেশ্য কলা অনুসৰি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আৰু তাৰ লগত সংগীত যুক্ত হোৱাটো অসমীয়া লোক-সংস্কৃতিৰ এটা প্রধান বৈশিষ্ট্য। অসমীয়া বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত সুকীয়া ধৰণৰ নৃত্য, যেনে— বিহুনাচ, দেওধনী নাচ, কাতিপূজাৰ নাচ আদিৰ উপৰিও বড়োসকলৰ বাগৰুম্বা আৰু বৈছাগু নৃত্য, ৰাভাসকলৰ ফাৰকান্তি নৃত্য, কাৰ্বিসকলৰ চ’মাংকান উৎসৱৰ নৃত্য আদি অসমীয়া লোক নৃত্যৰ উজ্জ্বল সম্পদৰূপে পৰিগণিত হৈছে। সেইদৰে লোকনাট্যৰ ভিতৰত ওজাপালি, কুশানগান, ভাৰীগান আদি উল্লেখযোগ্য। দৰং অঞ্চলৰ খুলীয়া-ভাৱৰীয়াও আন এবিধ লোক-নাট্য সম্পদ।

সামৰণিঃ অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰখন এইদৰে বিশাল সমলেৰে সমৃদ্ধ ৷ অতীত কালৰে পৰা অসমীয়া বিভিন্ন ধৰ্ম, বৰ্ণ আৰু ভাষা সম্প্ৰদায়ৰ লোকসকলে অসমত বাস কৰি নিজৰ নিজৰ লোক-সংস্কৃতিৰ জন্ম দিছিল যদিও তাৰ মাজতেই পাৰস্পৰিক প্ৰভাৱত অসমীয়া সংস্কৃতিয়ে এটা নতুন ৰূপতো উদ্ভাসিত হৈছিল। সি যিয়েই নহওক অসমীয়া মানুহৰ ভাৱানুভূতি, অসমীয়া মানুহৰ আশা-আকাংক্ষা আদিৰে সমৃদ্ধ হৈ অসমীয়া সংস্কৃতিৰ বোৱঁতী সুঁতি এতিয়াও চিৰপ্ৰৱহমান হৈয়েই আছে।

Leave a Comment