মাটিৰ দলিল/ জমাবন্দী কেনেকৈ Download কৰিব

আজি মই আপোনালোকক ঘৰত বহিয়ে অতি সোনকালে মাটিৰ দলিল কেনেকৈ ডাউনলোড(Download) কৰিব পাৰি, ইয়াৰ বিষয়ে আপোনালোকক জনাওঁ। এতিয়া বিজ্ঞান প্ৰযুক্তিৰ দিনত আপোনালোকে ঘৰতে বহি নিজৰ ষ্টৰ্মাট মোৱাইল/লেপটপত অতি সহজে ডাউনলোড কৰিব পাৰি।

প্ৰথমতে যিকোনো ব্ৰাউজাৰ(Google Chrome, Bing, Firefox)ত গৈ চাৰ্জছ বাটনত ইংৰাজীত jamabandi বুলি লিখিব। তেতিয়া ওপৰতে Revenue Assam বা Dharitree Services for Citizen/ILRMS | Government of Assam বুলি দেখা পাব। ইয়াৰে দুটা যিকোনো এটাত ক্লিক্ কৰিব। যদি আপোনাক নতুন এটা মেনু বাৰ দেখুৱাই দিয়ে তেতিয়া তলত অকনমান ইছক্ৰল কৰিব, তাতে ইংৰাজীত Services Integrated

বুলি দেখাই দিব। তেতিয়া Land Records গৈ proceed ত ক্লিক্ কৰিব, তেতিয়া লগে লগে এটা নটিফিকেশ্বন ওলালে তাতে Ok মাৰি দিব।

তেতিয়া নতুন এটা মেনু বাৰ আহি যাব।

জমাবন্দী বা মাটিৰ দলিল উলিয়াবলৈ তলত দিয়াৰ অনুসৰণ কৰিব-


১. নিজৰ জিলা বাছনি কৰক(ইয়াত ক্লিক্ কৰক)
২. জিলা বাছনি কৰাৰ লগে লগে চক্ৰ বাছনি কৰিব লাগিব
৩. তেতিয়া নিজৰ গাওঁ/চহৰ বাছনি কৰিব আহিব।
*মনত দিব যে যদি নিজৰ গাওঁ/চহৰ বিচাৰি পোৱা নাই, তেতিয়া গাওঁৰ নামৰ প্ৰথম আখৰ টিপি(ক,খ,গ..অসমীয়া বৰ্ণমালা দেখাই দিব) দিলে আহি যাব।
৪. তেতিয়া নতুন এটা পেজ খোল খাব।

  •  Search by Dag(দাগ) Number বা Search by Patta(পট্টা) Number দেখাই দিব। তেতিয়া নিজৰ দাগ বা পট্টা নম্বৰ দি তাতে দেখা কেপছাল একেধৰনেৰে টাইপ কৰি চাৰ্জ কৰিব দিব।
  • যদি দাগ বা পট্টা নম্বৰ নেজানে তেতিয়া Search by Pattadar Nameত ক্লিক কৰি পট্টাদাৰ নাম চিনাক্ত কৰি ক্লিক্ কৰিব।(বি:দ্ৰ : অনুগ্ৰহ কৰি বাহ্যিক কিবৰ্ড ব্যৱহাৰ নকৰিব। আপোনাৰ নাম টাইপ কৰিবলে তলৰ ভাৰ্চুৱেল কিবৰ্ড ব্যৱহাৰ কৰক।)
  • তেতিয়া তলত নামৰ আগত গোলকিয়াত ক্লিক কৰি See Jamabandi ক্লিক্ কৰি নিজৰ দলিল চাব পাৰিব।

বি:দ্ৰ : ইয়াত দিয়া তথ্যসমূহ শেহতীয়া আৰু জামাবন্দী বা ৰেকৰ্ড অৱ ৰাইটছৰ প্ৰমাণিত কপি পাবলৈ অনুগ্ৰহ কৰি https://rtps.assam.gov.in/ লৈ যাওক আৰু সেৱা প্ৰদানৰ কাৰ্যালয়লৈ কোনো ধৰণৰ শাৰীৰিক যোৱাৰ প্ৰয়োজন নাই।
বি:দ্ৰ : অনলাইন ধৰতি(dharitree )ত যদি আপোনাৰ অভিলেখ নোহোৱা হয় তেন্তে আতংকিত নহৈ আপোনাৰ চক্ৰ কাৰ্যালয়ত যোগাযোগ কৰক।

Leave a Comment