ভাৰতৰ জাতীয় সংহতি

ভাৰতৰ জাতীয় সংহতি

আৰম্ভণিঃ আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি। অতীজৰে পৰা বিভিন্ন জাতি-উপজাতিয়ে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰি আছে। কিন্তু সেয়া হ’লেও ভাৰতীয় জাতি বুলি ক’লে কিন্তু এই সকলোবোৰ জাতি-উপজাতিক অতিক্ৰম কৰি ভাৰতীয় জাতি হিচাপে চিনাকি দিব পৰা এটা মহান জাতিৰ কথাই আমাৰ মনলৈ আহে আৰু সেয়াই হৈছে ভাৰতীয় জাতি। ভাৰতৰ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন দৈহিক গঠন বা ৰঙৰ মানুহে এই সকলোবোৰ কথা পাহৰি যেতিয়া এক ভাৰতীয় বুলি সকলোৱে নিজকে বুজিবলৈ আৰু চিনাকি দিবলৈ সক্ষম হ’ব, তেতিয়া হৈ পৰিব ভাৰতীয় জাতি। বর্তমান সময়ত ভাৰতৰ বিভিন্ন ধৰ্মপৰায়ণ, বিভিন্ন ভাষা-ভাষী আদি লোকসকলৰ বাবে এক বুলি ভাবি লোৱা মনোভাৱৰ একান্ত প্ৰয়োজন হৈ পৰিছে। অইন কথাত বৰ্তমান ভাৰতৰ বিভিন্ন মানুহে জাতীয় সংহতি ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে।

ভাৰতৰ জাতীয় সংহতি আৰু বৰ্তমানৰ অৱস্থা : বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ লক্ষ্য কৰিলে ভাৰতৰ জাতীয় সংহতি বর্তমানে ইয়াত পূৰ্ণভাৱে বিৰাজমান হৈ আছে বুলি সন্দেহ হয়। বর্তমান কালত ভাৰতবৰ্ষৰ মানুহে ধৰ্ম, ভাষা, ৰীতি-নীতি বা শাৰীৰিক অৱয়ব আদিৰ পাৰ্থক্যৰ ওপৰত বিশেষ গুৰুত্ব দি অহা দেখা গৈছে। যিমানেই ভাৰতবৰ্ষৰ মানুহৰ মনত এনে ধৰণৰ মনোভাৱে ঠাই লৈছে, সিমানেই ভাৰতীয় মানুহৰ মাজত পাৰ্থক্যও বাঢ়ি গৈছে। ফলস্বৰূপে ভাৰতৰ বিভিন্ন ঠাইত সম্প্রদায়গত বিভেদ গা কৰি উঠা দেখা গৈছে, কিছুমান ঠাইত আকৌ ভাষাগত, ধর্মগত বিভেদ আদিয়েও মূৰ দাঙি উঠা দেখা গৈছে। কিন্তু ভাৰতবৰ্ষত ক্ৰমাগতভাৱে বাঢ়ি অহা এই বিভেদ বা পাৰ্থক্যসমূহ যদি আৰু আগবাঢ়িবলৈ দিয়া যায়, তেতিয়াহ’লে এটা সময়ত পৃথিৱীৰ বুকুৰ পৰা ভাৰত বা ভাৰতীয়ৰ অস্তিত্বও নোহোৱা হৈ যাব বুলি সন্দেহ হয়। কিন্তু সেই কথা হ’বলৈ দিয়াটো ভাৰতীয় লোকৰ বাবে উচিত নহয়। সেয়েহে ভাৰতীয় লোকসকলেই ইয়াৰ জাতীয় সংহতি অক্ষুণ্ণ ৰাখিব লাগিব ৷

ভাৰতীয় অতীত ঐতিহ্য আৰু সংহতিঃ বৰ্তমান সময়ত ভাৰতীয় মানুহৰ মাজত এনে ধৰণৰ পাৰ্থক্যৰ মনোভাৱ গঢ় লৈ উঠিছে যদিও অতীজত কিন্তু ভাৰতৰ এই অৱস্থা নাছিল। ভাৰতীয় মানুহে অতীত কালৰপৰাই নিজক চিনাকি দি আহোঁতে ভাৰতীয় বুলিহে চিনাকি দি আহিছে। আমাৰ অসমৰ বৈষ্ণৱ ধৰ্মগুৰু মহাপুৰুষ শংকৰদেৱৰ কবিতাৰ ভাষাতো ভাৰতবৰ্ষৰ প্ৰাচীন এক জাতীয়তাবাদী মনোভাৱ প্রস্ফুটিত হৈছিল। তেওঁ ‘ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰিষ’ বুলি কৈ প্ৰাচীন ভাৰতৰ এই এক সত্তাৰ ভাবকেই প্রকাশ কৰিছিল। আধুনিক যুগতো ভাৰতবৰ্ষৰ এই একাত্মবোধৰ মনোভাৱ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ লেখনিত প্রকাশিত হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতবৰ্ষৰ এই একাত্মবোধৰ কথা এনেদৰে কৈছে—

“হেথায় আর্য            হেথায় অনার্য          হেথায় দ্রাবিড় চীন;

শক-স্থূণ-দল         পাঠান-মোগল        এক. দেহে হ’ল লীন।’

ভাৰতীয় একাত্মবোধৰ পৰম্পৰাৰ ওপৰত ভিত্তি কৰিয়েই ৰবীন্দ্ৰনাথে কৈছিল যে এই ভাৰতবৰ্ষৰ বুকুতেই আর্যসমাজ, দ্রাবিড়, চীন, শক, হূণ, পাঠান, মোগল আদি ভিন্ ভিন জাতিসমূহ এক দেহত লীন হৈ আছিল; অৰ্থাৎ এক ভাৰতীয় হিচাপে তেওঁলোকে  মিলামিছাৰ মনোভাৱেৰে ভাৰতত বসবাস কৰিবলৈ লৈছিল। এয়াই আছিল প্রাচীন যুগৰ ভাৰতীয় জাতীয় সংহতি; যিটো সংহতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বৰ্তমান ভাৰতৰ লোকসকলে যেন অপাৰগতা প্রকাশ কৰিছে।

ভাৰতীয় জাতীয় সংহতি বিনষ্ট হোৱাৰ কাৰণ : বর্তমান ভাৰতৰ জাতীয় সংহতি বিনষ্ট হোৱাৰ বিষয়টো আলোচনা কৰোঁতে ইয়াৰ কাৰণস্বৰূপে বহু কথাই ক’বলগীয়া হয় যদিও, বর্তমান ভাৰতৰ বিভিন্ন প্ৰান্তত অর্থনীতি, শিক্ষালাভ, সামাজিক ন্যায় আদি বিষয়বোৰত দেখা দিয়া বৈষম্যসমূহকেই জাতীয় সংহতি বিনষ্ট হোৱাৰ মূল কাৰণ বুলি ক’ব পাৰি। অৱশ্যে কেতিয়াবা ধর্ম, ভাষা, সম্প্রদায় আদিৰ আখেজজনিত বিষয়সমূহেও যে এই সংহতি বিনষ্ট কৰাত সহায় কৰিছে সেই কথাও ক’ব লাগিব। আজিৰ ভাৰতৰ অৰ্থনীতিয়ে এহাতে যেনেকৈ কিছুমান লোকক যথেষ্ট ধন-সম্পদৰ মালিক কৰি ওখ ওখ অট্টালিকাত থাকিবলৈ সুবিধা দিছে; সেইদৰে শ্ৰমজীৱী কিছুমান লোকক বাটৰ ভিকহু কৰিও গঢ়ি তুলিছে। ভাৰতীয় লোকৰ মাজত শিক্ষা ব্যৱস্থাৰ দিশতো বর্তমানে বহুতো বৈষম্য গঢ় লৈ উঠিছে যাৰ ফলত ধনী লোকসকলেহে ভাল শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইদৰে সামাজিক ন্যায়ৰ ক্ষেত্ৰতো বৈষম্য পৰিলক্ষিত হৈছে। এই সকলোবোৰ কাৰণৰ ফলস্বৰূপেই মূলতঃ ভাৰতৰ জাতীয় সংহতি বিনষ্ট হৈছে আৰু ঠায়ে ঠায়ে আঞ্চলিক তথা বিচ্ছিন্নতাবাদী আন্দোলনসমূহ গা কৰি উঠিছে।

ভাৰতৰ উন্নতি আৰু জাতীয় সংহতি : ভাৰতত বর্তমানে জাতীয় সংহতি সৃষ্টিত বাধা আহি পৰিছে যদিও জাতীয় সংহতি অবিহনে ভাৰতৰ সামগ্রিক উন্নতি কেতিয়াও সম্ভৱপৰ নহয় । ভাৰতীয় মানুহে জাতীয় সংহতি অক্ষুণ্ণ ৰাখিবই লাগিব আৰু তাৰ বাবে ভাৰতৰ চৰকাৰে বিভিন্ন বৈষম্যবোৰ আঁতৰাই জাতীয় সংহতি গঠনত গুৰুত্ব দিব লাগিব। অর্থনীতি, শিক্ষা, সামাজিক ন্যায় আদিৰ দিশত থকা বৈষম্যবোৰ নাশ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিব লাগিব। তাৰ উপৰি আৱেগিক বিষয়বোৰে যাতে ভাৰতীয় মানুহৰ মনত শিপাব নোৱাৰে তাৰ বাবেও এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। ভাৰতীয় লোকসকলে যাতে আমাৰ পূৰ্বৰ মহাপুৰুষসকলৰ ধ্যান-ধাৰণা, আদর্শ-চিন্তা আদিৰে প্ৰভাৱিত হয় সেইবোৰ বিষয়ত গুৰুত্ব দিব লাগিব। ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিসকলে যে এই বিষয়ত গুৰুত্ব দি আহিছে, সেই কথাও ভাৰতীয় জনসাধাৰণক বুজাব লাগিব। তেনে কৰিলেহে ভাৰতৰ জাতীয় সংহতি অক্ষুণ্ণ হৈ থাকিব আৰু পৃথিৱীৰ বুকুত ভাৰতৰ অস্তিত্ব চিৰবিৰাজমান হৈ ৰ’ব।

সামৰণি : বর্তমান ভাৰতবৰ্ষৰ মানুহে যদি ভাৰতৰ সংহতিলৈ নাচাই আৱেগিক বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ে আৰু সামূহিকভাৱে বৈষম্যবোৰ আঁতৰ কৰাৰ প্ৰচেষ্টা নকৰি বিভেদলৈহে মন দিয়ে, তেতিয়াহ’লে আমাৰ ভাৰত হয়তো ভৱিষ্যতে ক্ষুদ্র ক্ষুদ্র অঞ্চলত পৰিণত হ’ব আৰু তেতিয়া সকলোৰে উন্নতি বাধাগ্ৰস্তহে হ’ব। কিন্তু ভাৰতীয় লোকসকলে তেনে হ’বলৈ দিয়াটো নহ’ব। এই ক্ষেত্ৰত ভাৰতীয় মানুহে সহনশীল মনোভাবো গ্ৰহণ কৰিব লাগিব। ‘সকলোৱে সকলোৰ বাবে’ এই মনোভাৱ লৈ আৰু বসুধৈর কুটুম্বকম্’ এই আদৰ্শ অনুসৰণ কৰি মানুহে আগবাঢ়ি গ’লে ভাৰতৰ জাতীয় সংহতি যে পুনৰ ঘূৰি আহিব সেয়া অতি নিশ্চিত কথা আৰু ভাৰতৰ বাবে তেনে হোৱাটো বাঞ্ছনীয় ।

Leave a Comment