অসমৰ প্ৰাকৃতিক সম্পদ আৰু কেন্দ্ৰীয় চৰকাৰ

আৰম্ভণিঃ প্ৰকৃতি আৰু মানুহৰ মাজত নিবিড়ি সম্পৰ্ক সৃষ্টিৰ দিনৰেপৰা গঢ়ি উঠিছে। মানুহ প্ৰকৃতিৰ অবিহনে জীয়াই থাকিব নোৱাৰে। ভৌগোলিক কাৰণত পৃথিৱীৰ উপৰি ভাগৰ কোনো ঠাই বিস্তীৰ্ণ সাগৰে আৱৰা, কোনো ঠাই মাথোন পৰ্বতে ঢকা, আকৌ কোনো ঠাই পৰ্বত, সমুদ্ৰহীন, গছ-বিৰিখ শূন্য বৰফে আৱৰা বিশাল ভূমিখণ্ড। এই অৱস্থান অনুসৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰাকৃতিক স্বৰূপ ভিন ভিন।

অসম বুলিলেই সকলোৰে মনলৈ আহে অসম এখন প্ৰাকৃতিক সম্পদেৰে ভৰা দেশ। অসমৰ সেই সম্পদ প্ৰাচীন কালত সীমাবদ্ধ হৈ আছিল যদিও সভ্যতাৰ সোপানত মানুহে অগ্ৰসৰ হোৱা লগে লগে সম্পদবোৰৰ ব্যৱহাৰিক মূল্য বিচাৰি উলিয়াব জনা হ’ল।

প্ৰাকৃতিক সম্পদৰ ভাগঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহ তলত দিয়া ভাগকেইটাত ভগাব পাৰি—

(১) বনজ সম্পদ, (২) খনিজ সম্পদ আৰু (৩) প্ৰাণীজ সম্পদ

(১) বনজ সম্পদঃ অসমৰ মুঠ মাটিকালিৰ প্ৰায় তিনিভাগৰ এক অংশ বনাঞ্চলে বেঢ়ি আছে। অৱশ্যে চৰকাৰীভাৱে জনা গৈছে যে একোখন ৰাজ্যৰ মুঠ আয়তনৰ ২৩ শতাংশ যদিও বনাঞ্চলে অধিকাৰ কৰিব লাগে, বৰ্তমান তাতকৈও কম পৰিমাণৰ মাটিহে প্ৰাকৃতিক পৰিৱেশে আগুৰা। ইয়াৰ কাৰণ কেইবাটাও বুলি ঠাৱৰ কৰিব পাৰি।

অসমৰ অৰণ্যত বিবিধ মূল্যৱান গছ পোৱা গৈছিল বাবে ৰে’ল কোম্পানীয়ে এই অৰণ্যৰ মাজেদি ৰে’ল লাইন পাতি হাবিৰ গছ-গছনিবোৰ অসমৰ বাহিৰলৈ নিয়াৰ সুবিধা কৰি গৈছিল। চাহ বাগানবোৰে ৰে’লৰ সুবিধা গ্ৰহণ কৰিছিল।

পশ্চিম অসমৰ শাল কাঠ ভাৰত বিখ্যাত। চেগুণ কাঠো শালৰ পৰ্যায়ৰ এবিধ কাঠ। ইয়াৰ উপৰি বনচোম, তিতাচপা, হোলোং, কৰৈ, গন্ধসৰৈ আদি গৃহ নিৰ্মাণৰ বাবে ভাল ভাল জাতৰ কাঠ। শিমলু কাঠৰ জুইশলা উদ্যোগত ব্যাপক ব্যৱহাৰ হয়। খৈৰা গছৰ সাৰৰ পৰা তামোলত খোৱা খয়েৰ আৰু উৎকৃষ্ট তৈয়াৰ কৰা হয়। অসমৰ হাবিত পোৱা আন এবিধ অতি মূল্যৱান কাঠ হ’ল অগৰু। ইয়াৰ চেণ্টৰ মূল্য বৰ বেছি আৰু বিদেশত বৰ আদৰ। লা অসমৰ হাবিত পোৱা যায়। এসময়ত অসমৰ উত্তৰাঞ্চল ৰবৰ আঠাৰ বাবে ভাৰতত বিখ্যাত আছিল।

গৃহ নিৰ্মাণ আৰু আচবাব-পত্ৰ তৈয়াৰত লগাৰ উপৰি কাঠ আৰু সুকাঠৰ ব্যাপক ব্যৱহাৰ হয় প্লাইউড তৈয়াৰত। এই উদ্যোগ অসমৰ অপৰ্যাপ্ত কাঠৰ বাবে অকল অসমতে ২৩ টা প্ৰতিষ্ঠিত হৈছে।

বাঁহৰ বাবে অসম বিখ্যাত। ভাৰতৰ বংগদেশ(এতিয়া পশ্চিমবংগ), উৰিষ্যা আৰু বিহাৰৰ কাগজৰ কাৰখানাসমূহত কাগজ উৎপাদনৰ বাবে আৱশ্যকীয় বাঁহৰ চাহিদাৰ অধিকাংশ অসমৰ বাঁহ যোগান ধৰি পূৰোৱা হৈ আহিছে যোৱা ডেৰশ বছৰ ধৰি। আনহাতে স্বাধীনতা লাভৰ ডেৰকুৰি বছৰৰ আগলৈ এই কাৰখানাৰ এটাও অসমত প্ৰতিষ্ঠিত হোৱা নাছিল। বৰ্তমান কংকালসাৰ কাগজ কল তিনিটা অসমত প্ৰতিষ্ঠিত হৈছে কিন্তু আভুৱা ভঁৰা ব্যৱস্থাৰ বাবে তিনিওটা কাৰখানা কলিতে মৰহা বুলি ক’লেও বঢ়াই কোৱা নহয়।

(২) খনিজ সম্পদঃ অসমত খনিজ পদাৰ্থৰ ভিতৰত ঘাইকৈ পোৱা যায়, কয়লা, চূণশিল আৰু ডলমাইট। উত্তৰ-পূব অসমৰ লিডু, মাৰ্ঘেৰিটা অঞ্চলত উৎকৃষ্ট বিধৰ কয়লা পোৱা যায়, কিন্তু এইবিধ কয়লাৰ উত্তাপতকৈ ধোঁৱা বেছি, অৰ্থাৎ নিম্ন খাপৰ বুলি প্ৰায় পোন্ধৰ বছৰ আগলৈ কেন্দ্ৰীয় কয়া অথৰিটিয়ে ফাঁকি দি আহিছিল। দেশত কয়লাৰ নাটনিৰ হোৱাত ইয়াৰ কয়লা খনন কাৰ্যত তেওঁলোকে অধিক তৎপৰ হৈছে।

তেল সম্পদতো অসম ভাৰততে চহকী। ডিগবৈ শোধনাগৰা এছিয়া মহাদেশৰ ভিতৰতে প্ৰাচীনতম শোধনাগাৰ। ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা আদি ঠাই খাৰুৱা তেলৰ বাবে প্ৰখ্যাত। বৰ্তমান কৰিমগঞ্জ জিলাতো খাৰুৱা তেলৰ সন্ধান পোৱা গৈছে।

কাৰ্বি আংলং জিলাত চূণশিল আৰু ডলমাইট পোৱা যায় বাবে বোকাজানত এটা বিলাতী মাটিৰ কাৰখানা হৈছে।

(৩) প্ৰাণীজ সম্পদঃ অসমত অৱশ্যে এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিদ্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবিধ গঁড় পোৱা যায়। মানাহ অভয়াৰণ্যৰ সোণালী বান্দৰ বিশ্ববিখ্যাত। এই দুবিধ প্ৰাণীৰ আবাস অসমতহে। কাজিৰঙাৰ বাঘ, হাতী, হৰিণ আদিৰ উপৰি নানা বিধৰ চৰাই-চিৰিকটি পৰ্যটকৰ আকৰ্ষণীয় বস্তু। অসমৰ গঁড় আৰু হাতী বিশ্বৰ কেইবাটাও চিৰিয়াখানালৈ কেন্দ্ৰীয় চৰকাৰে উপহাৰ দিছে। অসমৰ মেথোন আন এবিধ উল্লেখযোগ্য জন্তু।

ধনেশ পক্ষী আৰু সাপৰ তেল ঔষধত ব্যৱহাৰ হয় বাবে ভাটিৰ মানুহে অসমত পিয়াপি দি ফুৰি এই দুবিধ প্ৰাণী চোৰাংকৈ সংগ্ৰহৰ বাবে যত্ন কৰে।

নৈবোৰত ঘাইকৈ ব্ৰহ্মপুত্ৰত আৰু কেইবাটাও ডাঙৰ বিলত বিবিধ উৎকৃষ্ট জাতৰ মাছ পোৱা যায়।

অসমৰ এই প্ৰাকৃতিক সম্পদবোৰে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনতে সীমাবদ্ধ হৈ থকা নাই। কাঠ সৰবৰাহ কৰি চৰকাৰে ৰাজহ অৰ্জন কৰিছে।

কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যোন কৰি পৰ্যটকৰ ভ্ৰমণ কেন্দ্ৰ কৰি বৈদেশিক মুদ্ৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে।

খাৰুৱা তেলৰ ৰাজহৰ দ্বাৰা অসম চৰকাৰৰ কোষাগাৰ টনকিয়াল হৈছে।

অসমৰ সম্পদৰাজিৰ সুব্যৱহাৰ হোৱা বুলি ক’ব নোৱাৰি। বৃটিছে দেশ অধিকাৰ কৰাৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিবিধ উদ্যোগ স্থাপিত হ’ল, অসমৰ ভাগত এটাও নপৰিল, আনহাতে অসমৰ বিবিধ সম্পদ নি সেই উদ্যোগ চহকী কৰিলে।

বৰ্তমান অসমৰ বনাঞ্চল অতীতৰ গৌৰৱৰ ইতিহাস মাথোন। ৰাজ্য চৰকাৰৰ উদাসীনতা আৰু এচাম দুৰ্নীতিপৰায়ণ বিষয়াৰ স্বাৰ্থপৰায়ণতাৰ সুযোগ এচাম অসাধু ব্যৱসায়ীয়ে গ্ৰহণ কৰি যথেষ্ট কাঠ কাটি নি অসমৰ হাবিতলী উদং কৰিলে। সেইজৰে খেদা আৰু মেলা চিকাৰত ইচ্ছামতে হাতী ধৰি বাহিৰলৈ গোপনে নিয়াৰ সুবিধা পোৱাত অসমৰ হাতীৰ সংখ্যা কমিল।

এনেবাৰ অপকৰ্মই হাবিয়নীয়া সম্পদৰ ভঁৰাল উদং কৰাই নহয়, চৰকাৰ প্ৰাপ্য ৰাজহৰ পৰাও বঞ্চিত কৰিছে।

খাৰুৱা তেলৰ পৰা পাবলগীয়া ন্যায্য ৰাজহৰ ক্ষেত্ৰতো আমি বঞ্চিত হৈ আছোঁ আৰম্ভণিৰ পৰা। এইবোৰ ৰাজ্য চৰকাৰৰ অদূৰদৰ্শিতা তথা উপযুক্ত নেতৃত্বৰ পৰিণতি।

কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাঃ অমসৰ সম্পদৰাজি অসমতে সুব্যৱহাৰ কৰাৰ চিন্তা ইংৰাজ আমোলতো নাছিল, স্বাধীন কেন্দ্ৰীয় চৰকাৰতো নাই। এই কথা অপ্ৰিয় যদিও সত্য। এই উক্তিৰ যথাৰ্থতাৰ বাবে এইখিনি ক’ব পাৰি—

অসমৰ প্লাইউ় কাৰখানাবোৰ ৰাজ্যৰ বাহিৰত হোৱা বাবে তাৰপৰা পাবলগীয়া ৰাজহৰ পৰা ৰাজ্য চৰকাৰ বঞ্চিত হৈছে। এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ উদাসীন।

ডেৰশ-দুশ বছৰ ধৰি অসমৰ বাঁহেৰে বাহিৰৰ কাগজ কল চলি আছে, অসমত কিন্তু কাগজ কল এটাও পূৰ্ণ পৰ্যায়ৰ নহ’ল। যোগীঘোপাৰ কল বন্ধ হ’ল। জাগীৰোডত আৰম্ভণিতে কেৰোণ লাগিল। কেঁচা মালৰ অভাৱ আৰু যান্ত্ৰিক বিজুতি আৰম্ভ হ’লেই।

অসমত ব্ৰহ্মপুত্ৰৰ ওপৰেদি এখন দলং লাগে বুলি সত্যাগ্ৰহ, ধৰ্মঘট কৰি যিদৰে জেল জৰিমনা ভৰিব লাগে, অসমৰ বুকুৰ খাৰুৱা তেল শোধন কৰিবলৈ শোধনাগাৰ বিচাৰি ধৰ্মঘট কৰিব লাগে।

বিদেশৰ পৰা আমদানি কৰা খাৰুৱা তেলৰ বাবদ প্ৰতি টনৰ বাবে যি ৰাজহ দিয়া হয়, তাৰে তিনিভাগৰ এভাগ ৰাজহ দিয়া হয় অসম চৰকাৰক। ইয়াৰ ফলত অসমৰ ৰাজহৰ বিস্তৰ ক্ষতি হৈছে।

প্ৰাকৃতিক সম্পদ বিশেষকৈ গঁড় আৰু হাতী চাবলৈ বিদেশী পৰ্যটক আহিলে ৰাজ্য চৰকাৰে ৰাজহ পায়। কিন্তু মাত্ৰ কেইমাহমান আগতে বিদেশী পৰ্যটকৰ ক্ষেত্ৰত অসম ভ্ৰমণৰ বাবে থকা বাধা নিষেধ তুলি দিয়া হৈছে।

ভাৰতীয় পৰ্যটক নিগমে অসমত পৰ্যটকৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ বাবে অনুদান দিয়াত কৃপণালি কৰি আহিছে।

আনহে নালাগে, কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ অসম ভ্ৰমণৰ প্ৰধান আকৰ্ষণ কমাবলৈ কাজিৰঙাৰ পৰা এশিঙীয়া গঁড় উত্তৰ প্ৰদেশৰ অভয়াৰণ্যত ‘পোহাৰ’ কথাও চিন্তা কৰিছিল।

জলজ সম্পদ খৰস্ৰোতা নৈ কেবাখনো নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ উপাদন কৰিব পাৰি, কিন্তু তেনেবোৰ সম্ভাৱনাক ঔপনিৱেশিক দৃষ্টিভংগীয়ে চেৰ পেলাই গৈছে।

এইদৰে অসমৰ প্ৰাকৃতিক সম্পদৰ সদ্ব্যৱহাৰ অসমত নোহোৱাৰ কথাটি প্ৰতিপন্ন কৰিব পাৰি আৰু কেন্দ্ৰীয় চৰকাৰকো দোষাৰোপ কৰিব পাৰি।

Leave a Comment