নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য

নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য

আৰম্ভণিঃ বৰ্তমান সমাজত এখন দেশৰ নাগৰিক বুলিলে দেশখনে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহ ভোগ কৰি দেশখনৰ প্ৰতি আনুগত্যৰ মনোভাৱ প্ৰকাশ কৰা লোকসকলকেই বুজা যায়। নাগৰিকসকলক লৈয়েই দেশ বা ৰাষ্ট্ৰ এখন বর্তি থাকে আৰু নাগৰিকসকলৰ ওপৰত দেশ এখনৰ প্ৰগতি আৰু উন্নতিও নিৰ্ভৰ কৰে। নাগৰিকসকলে এখন দেশত বসবাস কৰিলে যিদৰে দেশখনৰ পৰা তেওঁলোকে কিছুমান বিষয়ত অধিকাৰ সাব্যস্ত কৰি লয়; সেইদৰে সেই অধিকাৰবোৰৰ লগে লগে দেশখনৰ বাবে তেওঁলোকৰ কৰ্তব্যও ভালেখিনি আছে। অইন কথাত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য এটা আনটোৰ পৰিপূৰক।

নাগৰিকৰ অধিকাৰ ধাৰণাটিৰ আগমন : নাগৰিকসকলে যে এখন ৰাষ্ট্ৰত বসবাস কৰোঁতে কিছুমান অধিকাৰ লাভ কৰে, এই সম্পৰ্কীয় ধাৰণাটো আধুনিক যুগলৈ ফৰাচী বিপ্লৱৰপৰাই আহিছে বুলি কোৱা হয়। ১৭৫৯ চনৰ ১৪ জুলাইৰ দিনাখন ফ্ৰান্সৰ জনসাধাৰণে মানৱ অধিকাৰৰ নতুন চনদ ঘোষণা কৰিছিল আৰু সেই চনদৰ মূল কথাকেইটাৰ ভিতৰত নাগৰিক অধিকাৰটোও এটা প্ৰধান আছিল ৷ ইয়াৰ পাছৰে পৰাই বিশ্বৰ মানুহে নাগৰিকৰ অধিকাৰটোও যে এটা বিষয়, মানুহ হিচাপে এখন দেশ বা ৰাষ্ট্ৰত জীয়াই থকাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান অধিকাৰো ভোগ কৰিব লাগিব এই কথা বুজি পালে। বৰ্তমানৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ সংবিধানত নাগৰিকৰ অধিকাৰে সেয়ে এটা প্রধান বিষয় হিচাপে স্বীকৃতি পাইছে।

নাগৰিকৰ অধিকাৰ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ : গণতান্ত্রিক পদ্ধতিৰে চলা ৰাষ্ট্ৰ বা দেশ এখনৰ নাগৰিকসকলে লাভ কৰা অধিকাৰসমূহক মূলতঃ দুটা ভাগত ভাগ কৰা হয়— নৈতিক অধিকাৰ আৰু আইনগত অধিকাৰ। মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নৈতিক অধিকাৰসমূহ নিৰ্ভৰ কৰে আৰু এই অধিকাৰবোৰ মানুহে নিজেই ল’ব পৰা ধৰণৰ। কিন্তু আইনগত অধিকাৰবোৰৰ প্ৰকৃতি বেলেগ ধৰণৰ আৰু এইবোৰ আইন মতেই মানুহে লাভ কৰে। দেশ বা ৰাষ্ট্ৰ এখনৰ আইনসমূহ সকলোৱে মানি চলিলেই সকলোৱে আইনগত অধিকাৰ লাভ কৰে ৷ আইনগত অধিকাৰৰ দুটা ভাগ হৈছে— সামাজিক আৰু ৰাজনৈতিক অধিকাৰ । সামাজিক অধিকাৰসমূহে এজন লোকক অতি সুন্দৰ আৰু সভ্যভাৱে জীৱন-যাপন কৰাৰ বাবে সুবিধা প্ৰদান কৰে। সাধাৰণতে দেশ এখনৰ মানুহবোৰৰ জীয়াই থকাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, বাক্‌-স্বাধীনতা ৰক্ষাৰ অধিকাৰ আদিয়েই সামাজিক অধিকাৰৰ ভিতৰত পৰে। আনহাতে ৰাজনৈতিক অধিকাৰৰ ভিতৰত পৰে ভোটাধিকাৰ, চাকৰি লাভৰ অধিকাৰ, আবেদন কৰাৰ অধিকাৰ ইত্যাদি । আমাৰ ভাৰতীয় সংবিধানত অৱশ্যে বর্তমানে সামাজিক অধিকাৰৰ ভিতৰত ছটাক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছে। সেই ছয়টা অধিকাৰ হৈছে— সমতা, স্বাধীনতা, শোষণৰ প্ৰতিৰোধ, ধৰ্মীয়, সাংবিধানিক প্ৰতিকাৰ আৰু শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। কিন্তু বিশেষ জৰুৰী প্ৰয়োজনত নাগৰিকক প্ৰদান কৰা অধিকাৰসমূহ বাতিল কৰাৰ ব্যৱস্থাও ভাৰতীয় সংবিধানত আছে। সি যিয়েই নহওক ভাৰতীয় সংবিধান মতে নাগৰিকসকলে অধিকাৰসমূহ ভোগ কৰি দেশ বা ৰাষ্ট্ৰখনৰ প্ৰতি আনুগত্যভাৱে জীৱন নিৰ্বাহ কৰাটো একান্ত বাঞ্ছনীয় কথা ।

নাগৰিকৰ কৰ্তব্যৰ বিভিন্ন দিশ : এখন দেশৰ নাগৰিকসকলে যিদৰে বিভিন্ন অধিকাৰসমূহ ভোগ কৰি জীৱন নিৰ্বাহ কৰে, সেইদৰে তাৰ বিনিময়ত দেশখনৰ প্ৰতি নাগৰিকৰ বিভিন্ন কর্তব্যও আছে। সেইবোৰকেই নাগৰিকৰ কৰ্তব্য বুলি কোৱা হয় ৷ নাগৰিকসকলে যদি এই কর্তব্যবোৰ পালন নকৰে, তেতিয়াহ’লে দেশখনৰ কেতিয়াও মংগল সাধন নহয়। এই কৰ্তব্যসমূহ নাগৰিকৰ বাবে নৈতিক কৰ্তব্য আৰু নৈতিক মনোভাৱেৰেই নাগৰিকসকলে এইবোৰ পালন কৰা উচিত। ভাৰতৰ সংবিধানত নাগৰিকসকলে পালন কৰিবলগীয়া কৰ্তব্যসমূহক ‘নির্দেশক নীতি’ নামৰ অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে ভাৰতীয় সংবিধানে এই দেশৰ নাগৰিকসকলে পালন কৰিবলগীয়া নীতি বা কৰ্তব্যসমূহৰ নিৰ্দেশহে মাত্ৰ কৰিছে। ভাৰতীয় সংবিধানে দেখুওৱা অনুসৰি এই ‘নিৰ্দেশক নীতি’ মুঠতে দহটা। সেইবোৰৰ ভিতৰত দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা, দেশৰ প্ৰতি আনুগত্য প্রকাশ কৰা, দেশৰ আইন-কানুন মানি চলি নিয়ম অনুসৰি কৰ-কাটল সময় মতে পৰিশোধ কৰা; ৰাজহুৱা সা-সম্পত্তি ৰক্ষা কৰা আৰু পাৰস্পৰিক হিংসাৰ মনোভাৱ ত্যাগ কৰা আদিয়েই উল্লেখযোগ্য। বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ কৰি মানৱীয় প্ৰমূল্যৰ সৃষ্টি কৰাও এই কৰ্তব্যসমূহৰ ভিতৰত পৰে।

সামৰণি : গণতান্ত্রিক দেশ এখনত এইদৰে নাগৰিকসকলে যিদৰে কিছুমান অধিকাৰ ভোগ কৰে, সেইদৰে দেশখনৰ সামগ্রিক মংগলৰ বাবে তেওঁলোকৰ কৰিবলগীয়াও বহুতখিনি আছে। নাগৰিকে কেৱলমাত্ৰ অধিকাৰসমূহ ভোগ কৰিবলৈ গ’লেই নহ’ব, সেই অধিকাৰসমূহ জীয়াই ৰখাৰ বাবে তেওঁলোকে নিজৰ নিজৰ কর্তব্যসমূহো সুনিয়মিতভাৱে সম্পন্ন কৰিব লাগিব। অধিকাৰ আৰু কৰ্তব্য— দুয়োটাৰ সমন্বয়তহে এখন দেশৰ প্ৰগতি নাইবা উন্নতি নিৰ্ভৰ কৰে । আমাৰ ভাৰতৰ যদি উন্নতি কৰিবলগীয়া হয়, তেতিয়াহ’লে আমি উভয় দৃষ্টিভংগীকেই গ্ৰহণ কৰিব লাগিব যদিও এই ক্ষেত্ৰত প্ৰথমে কৰ্তব্যসমূহৰ ওপৰতহে অধিক নজৰ দিয়াটো বাঞ্ছনীয়। আগেয়ে নিজৰ কৰ্তব্যসমূহ নিয়াৰিকৈ সম্পন্ন কৰিলে অধিকাৰসমূহ যে সকলোৱে ভোগ কৰিব পাৰিবই— এই কথাত কেতিয়াও বাধা আহিব নোৱাৰে। সেয়ে কৰ্তব্য আৰু অধিকাৰক গণতান্ত্রিক দেশৰ নাগৰিকসকলে এটা আন এটাৰ পৰিপূৰক হিচাপে গ্ৰহণ কৰা উচিত।

Leave a Comment