ছাত্ৰ আৰু ৰাজনীতি

 ছাত্ৰ আৰু ৰাজনীতি

আৰম্ভণি: ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবৰ বাবে যিবোৰ নীতি-নিয়ম, মতবাদ আদিৰ প্রয়োজনীয়, সেইবোৰকেই সাধাৰণতে ৰাজনীতি বুলি কোৱা হয় যদিও বর্তমান সময়ত ৰাষ্ট্ৰশাসনৰ লগত জড়িত প্ৰক্ৰিয়াটোহে ৰাজনীতিৰ ভিতৰত সোমাই পৰে। আমাৰ দেশৰ প্ৰাপ্তবয়স্ক সাধাৰণ নাগৰিকসকলে বাছি দিয়া নেতাসকলৰ জৰিয়তে দেশখন শাসিত হয় বাবে আমি সকলো নাগৰিকেই প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক ৰাজনীতিৰ লগত জড়িত হৈ পৰোঁ। আমি যিহেতু ৰাজনীতিৰ লগত এইদৰে জড়িত হওঁ গতিকে দেশখনৰ প্ৰচলিত ৰাজনীতিৰ বিষয়ে জ্ঞান আহৰণ কৰাটো আমাৰ সকলোৰে কৰ্তব্য। সমাজখনৰ লগত আমি জড়িত হওঁ বাবে, দেশখনৰ লগত জড়িত হওঁ বাবে আমি ৰাজনীতিৰ লগতো জড়িত হৈ পৰোঁ।

ছাত্ৰ সমাজৰ কৰ্তব্য আৰু ৰাজনীতি : ছাত্ৰ-সমাজৰ সৈতে ৰাজনীতিৰ সম্পৰ্ক কেনে ধৰণৰ হোৱা উচিত এই সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে ছাত্ৰ হিচাপে ছাত্ৰৰ পৱিত্ৰ কৰ্তব্য কি এই বিষয়েও চকু দিয়া প্রয়োজন। ছাত্ৰসকলৰ পৱিত্ৰ কৰ্তব্য হৈছে অধ্যয়ন। ছাত্ৰসকলে অধ্যয়নকে তপস্যা হিচাপে মানি লোৱা উচিত। ভাৰতীয় প্ৰাচীন যুগৰ পণ্ডিতসকলেও সেয়ে ‘ছাত্রানাং অধ্যয়নং তপঃ’ বুলিয়েই কৈ গৈছে। ছাত্ৰসকলে তেওঁলোকৰ নিজৰ নিজৰ শ্ৰেণীৰ পাঠ্যক্ৰমসমূহ নিয়মিতভাৱে আৰু মনোযোগেৰে পঢ়া উচিত আৰু নীৰৱ সাধকৰূপে একাগ্ৰতাৰে অধ্যয়ন চৰ্চাত লাগি যোৱা উচিত। ইয়াৰ উপৰি ছাত্ৰসকলে কেৱলমাত্ৰ যে নিজৰ পাঠ্য বিষয়খিনিহে মনোযোগেৰে পঢ়া উচিত, তেনে কথাই নহয়; এই ছাত্ৰ জীৱনতেই সমাজনীতি, ৰাজনীতি, অর্থনীতি, ধর্মনীতি, বিজ্ঞান আদি বিষয়সমূহৰ জ্ঞানো ছাত্ৰসকলে অৰ্জন কৰিব লাগিব। কিন্তু ছাত্ৰসকলে অন্যান্য বিষয়ৰ জ্ঞান আহৰণক আনুষংগিক ধৰ্ম হিচাপে নলৈ মুখ্য কর্ম হিচাপেহে যদি গ্ৰহণ কৰে, তেতিয়াহ’লে ছাত্ৰৰ বাবে সেয়া পৱিত্ৰ কৰ্তব্য হ’ব নোৱাৰে । সেই হিচাপে আজিৰ ছাত্ৰই যদি তেওঁলোকৰ পবিত্ৰ কৰ্ম পাঠ্যপুথি অধ্যয়ন নকৰি সাম্প্ৰতিক ৰাজনীতিৰ লগত জড়িত হৈ পৰে, তেতিয়াহ’লে ছাত্ৰসকলে তেওঁলোকৰ পবিত্ৰ কৰ্তব্যৰ পৰা পথচ্যুত হোৱা বুলিহে ক’ব লাগিব যদিও এই বিষয়ত ভিন্নমতো দেখা যায়।

ৰাজনীতিৰ সৈতে ছাত্ৰসকল জড়িত হৈ পৰা বিষয়টো বহুতেই মানি ল’ব নিবিচাৰে। ছাত্ৰসকলে ৰাজনীতিৰ লগত জড়িত হৈ পৰিব নালাগে বুলি কৈ তেওঁলোকে যুক্তি আগবঢ়ায় যে ছাত্ৰ জীৱনৰ সময়ত তেওঁলোকৰ মনবোৰ সততে অপৈণত হৈ থাকে । তেওঁলোকৰ বুদ্ধি-বৃত্তিও তেতিয়া পূৰঠ নহয় । গতিকে সেইখিনি সময়ত তেওঁলোকে কোনটো ভাল, কোনটো বেয়া সেই কথা ঠাৱৰ কৰিব নোৱৰা হয়। সেয়ে ৰাজনীতিৰ ক্ষেত্ৰতো কোনটো দলৰ মতবাদ ভাল, কোনটো দলৰ মতবাদ বেয়া সেই কথাও ছাত্ৰসকলৰ বহুতেই স্থিৰ কৰিব নোৱাৰে। ছাত্ৰসকলৰ বেছিভাগেই সেই সময়ত আৱেগৰ বশৱৰ্তী হৈ জীৱন-নিৰ্বাহ কৰে বাবে তেওঁলোকৰ সিদ্ধান্তবোৰো বেছিভাগ ক্ষেত্রতেই আৱেগিক হৈ পৰে। সেয়ে ৰাজনীতিৰ লগত জড়িত হৈ ছাত্ৰসকলে যদি আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ’লে সিয়ে দেশৰ মংগল সাধন নকৰি দেশৰ ক্ষতিহে সাধন কৰিব । গতিকে ছাত্ৰ সমাজে ৰাজনীতিৰ লগত ঘনিষ্ঠভাৱে জড়িত হ’ব নোৱাৰে বুলিয়েই তেওঁলোকে মত প্ৰকাশ কৰে।

কিন্তু ইয়াৰ বিপৰীতে অন্য কিছুমানে আকৌ মত দাঙি ধৰে যে ছাত্ৰসকলেই যিহেতু ভৱিষ্যতে দেশৰ একো একোজন নাগৰিকস্বৰূপে নিজকে অৱতীৰ্ণ কৰিব লাগিব; সেয়ে দেশৰ ৰাজনীতিৰ প্ৰতি তেওঁলোক সচেতন হ’ব লাগিব আৰু প্ৰয়োজন হ’লে ইয়াৰ লগত ঘনিষ্ঠভাৱে জড়িত হ’ব পাৰিবও লাগিব। তেওঁলোকৰ মতে আমাৰ দেশৰ সামগ্ৰিক পৰিস্থিতিলৈ চাই তেওঁলোকক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাটো যুক্তিসংগত নহয়। আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজ যিহেতু ৰাজনৈতিকভাবে সচেতন নহয়; সেয়ে সৰ্বসাধাৰণ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ ছাত্ৰসকলেই দায়িত্ব গ্রহণ কৰিব লাগিব। তেওঁলোকে ৰাজনীতি চৰ্চাৰ পৰা ছাত্ৰ সমাজৰ অধ্যয়ন কার্যত বিশেষ অসুবিধা নহয় বুলিয়েই ভাবে।

ওপৰত ছাত্ৰসকল ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিব লাগে নে নালাগে- এই সম্পর্কে যি দুটা দৃষ্টিভংগীৰ কথা দাঙি ধৰা হ’ল, তালৈ চালে দেখা যায় যে দুয়োটা মততেই যুক্তি আছে। ছাত্ৰসকলৰ যিহেতু প্রথম কর্তব্য অধ্যয়ন সেয়ে ৰাজনীতিৰ সৈতে তেওঁলোক জড়িত হৈ পৰিলে, তেওঁলোকৰ অধ্যয়নত ক্ষতি হ’ব আৰু সেই সময়ত তেওঁলোক যিহেতু অপৈণত গতিকে তেওঁলোকৰ সিদ্ধান্তও অপৈণত হ’ব। আনহাতে ছাত্ৰসকল যিহেতু এইখন দেশৰেই নাগৰিক সেয়ে দেশৰ ৰাজনীতিৰ প্ৰতি সচেতন হৈ নথকাটোও তেওঁলোকৰ বাবে ঠিক নহয়।

বৰ্তমানৰ দলীয় ৰাজনীতি আৰু ছাত্রসমাজ : ছাত্ৰ আৰু ৰাজনীতিৰ সম্পৰ্কত দলবোৰৰ সম্পৰ্কৰ কথাও চাবলগীয়া হয়। ছাত্র-ছাত্ৰী বুলি ক’লে আমি সাধাৰণতে সৰল-সহজ, জটিলতাবিহীন, আপোন-পৰভাববিহীন আৰু ভাষা-ধৰ্ম-সম্প্ৰদায় আদিৰ পৰা আঁতৰত থকা মানুহৰেই এটা শ্ৰেণী বুলি বুজো। বেছিভাগ ক্ষেত্ৰতেই ছাত্রসমাজ সৰল-সহজ আৰু অনভিজ্ঞ। কিন্তু ছাত্ৰসকলৰ এই অনভিজ্ঞতাৰ সুযোগ লৈয়েই বৰ্তমান বহুতো ৰাজনৈতিক দলে ছাত্ৰসকলক হাতৰ পুতলা স্বৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে। এই ৰাজনৈতিক দলৰ নেতাসকলে ছাত্ৰসকলক নানা ধৰণৰ প্রলোভনেৰে বশীভূত কৰি তেওঁলোকৰ মনত গোষ্ঠী, ভাষা, ধৰ্ম আদিৰ বিভেদৰ বীজ সুমুৱাই দিছে। বহুতো ছাত্ৰই এই নেতাসকলৰ প্ৰৰোচনাত ভোল গৈ পঢ়া-শুনা বাদ দি প্রত্যক্ষ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছে আৰু লাহে লাহে তেওঁলোক ধ্বংসৰ পথলৈ আগবাঢ়ি গৈ আছে। এইদৰে ৰাজনৈতিক দলৰ বহুতেই ছাত্রসমাজৰ জৰিয়তে দেশখনক বিপদৰ পথলৈহে লৈ গৈছে। কিন্তু ছাত্ৰ সমাজৰ বহুতেই এইদৰে ৰাজনীতিৰ সৈতে জড়িত হৈ পৰাটো কিন্তু সমর্থনযোগ্য নহয় ৷

সামৰণিঃ বৰ্তমান আমাৰ দেশখন সামাজিক, অর্থনৈতিক আদি দিশৰ বিভিন্ন সমস্যাৰে ভৰপূৰ। সামাজিক বৈষম্য, অর্থনৈতিক বৈষম্য, দুর্নীতি আদিয়ে আমাৰ দেশখন শিপাই ধৰিছে। এই সামাজিক বৈষম্য, অৰ্থনৈতিক বৈষম্য আদিৰ লগতে ধৰ্মীয় আৰু ভাষাৰ বিষয়তো আমাৰ দেশত বিভিন্ন পার্থক্য পৰিলক্ষিত হয়। আমাৰ দেশৰ এই সমস্যাবোৰৰ পৰিপ্ৰেক্ষিতত ছাত্ৰসকলে নীৰৱ ভূমিকা অৱলম্বন কৰি থাকিলে নহ’ব। আমাৰ দেশৰ এই সমস্যাবোৰৰ ওপৰতেই যিহেতু আমাৰ ৰাজনীতি বর্তি আছে, সেয়ে ছাত্ৰসকলে ৰাজনীতিৰ লগতো জড়িত হৈ পৰিব লাগিব। ৰাজনৈতিক নেতাসকলে এই বিষয়বোৰকেই লৈ যাতে দেশত অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰে, এই বিষয়ত ছাত্ৰসকলে সজাগ দৃষ্টিভংগী ল’ব লাগিব। ছাত্রসমাজৰ নিজৰ অধ্যয়ন কাৰ্যৰ লগতে এইবোৰ বিষয়ত সজাগ দৃষ্টিভংগী ল’লে তেওঁলোক ৰাজনীতিৰ লগত জড়িত হৈয়ো পৰিব আৰু দেশৰ মংগল সাধনো হ’ব। ছাত্ৰসকলে দলীয় ৰাজনীতিত নানামি দলীয় নেতাসকলৰ প্ৰৰোচনাত ভোল নগৈ জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলি তেওঁলোকৰ অধ্যয়ন কার্যত নীৰৱে লাগি যোৱাটোহে বৰ্তমান সময়ত যুগোপযোগী ব্যৱস্থা হ’ব বুলি ক’ব লাগিব ।

Leave a Comment