মহাপুৰুষৰ জীৱনী অধ্যয়ন

মহাপুৰুষৰ জীৱনী অধ্যয়ন

আৰম্ভণি: যিসকল মানুহে বিভিন্ন সৎ আৰু মহান কৰ্মৰাজিৰে তেওঁলোকৰ সমসাময়িক বা পৰৱৰ্তী মানৱ সমাজলৈ বিভিন্ন ধৰণৰ মূল্যবান আদেশ, উপদেশ আদি দি যাবলৈ সমৰ্থ হয়; সেইসকল মানুহকেই মহাপুৰুষ বোলে। এই মহাপুৰুষসকলৰ জীৱনক ভিত্তি কৰি যিবোৰ সাহিত্য ৰচিত হয়; সেইবোৰ সাহিত্যকেই জীৱনী সাহিত্য বোলে। জীৱনী সাধাৰণতে দুই প্ৰকাৰৰ হ’ব পাৰে— অইনে লিখা জীৱনী আৰু মহাপুৰুষসকলে নিজে নিজে লিখি যোৱা জীৱনী। প্ৰথমবিধক সাধাৰণভাৱে জীৱনী বুলি কোৱা হয় যদিও পিছৰ বিধক কিন্তু আত্মজীৱনী বুলিহে কোৱা হয়। জীৱনী সাহিত্য বুলি ক’লে ইয়াৰ পৰিসৰে দুয়ো বিধকেই সামৰি লয় ৷ মহাপুৰুষৰ জীৱনী পাঠ কৰাটো মানুহৰ বাবে অতি আৱশ্যকীয়

মহাপুৰুষৰ জীৱনীৰ বিষয়বস্তু : ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় যে জগতৰ একো একোটা জটিল মুহূৰ্তত সংসাৰত হাবুডুবু খাই মৰা মানুহক উদ্ধাৰ কৰিবলৈকে মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হয়। এই মহাপুৰুষসকলে তেওঁলোকৰ ঐকান্তিকতা আৰু অধ্যৱসায়ৰ জৰিয়তে জীৱনৰ দুখ-দুৰ্যোগ আদি মষিমূৰ কৰি স্বদেশ-স্বজাতিৰ উন্নতি সাধনত ব্ৰতী হোৱাৰ উপৰি মানুহৰ কল্যাণৰ অৰ্থেই নিজৰ জীৱন বিসৰ্জন দিবলৈ আগবাঢ়ে। সমাজৰপৰা বিশৃংখলা, দুর্নীতি, কুসংস্কাৰ, অন্ধবিশ্বাস আদি আঁতৰ কৰি সাম্য-মৈত্রী-ভ্রাতৃত্বৰ আদর্শেৰে জগতবাসীক উদ্বুদ্ধ কৰাটোৱেই তেওঁলোকৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰে। মহাপুৰুষসকলৰ জীৱনীত তেওঁলোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ সকলোবোৰ ঘটনাৰে লিপিবদ্ধ ৰূপ পোৱা যায়। তেওঁলোকে ক’ত কেনেদৰে জন্ম গ্ৰহণ কৰিছিল; ক’ত কেনেদৰে বিভিন্ন বিপদ-বিঘিনিৰ সন্মুখীন হৈছিল; ক’ত কেনেদৰে কেতিয়াবা হয়তো শাৰীৰিক তথা মানসিক পীড়িত লোকসকলৰ বাবে কি কি কাম কৰি গৈছিল, সেইবোৰৰ বিৱৰণো জীৱনীত সন্নিৱিষ্ট হয়। সাধাৰণ জীৱনীত সাধাৰণতে মহাপুৰুষসকলৰ জীৱনৰ ভাল দিশটোহে দেখুৱাবলৈ লোৱা হয়। জীৱনী সাহিত্যৰ বিষয়বস্তু সেয়ে পিছৰ চাম মানুহৰ বাবে অতি আৱশ্যকীয়।

জীৱনী সাহিত্য— এটি চমু বুৰঞ্জী : বিশ্বৰ বুৰঞ্জীত জীৱনী সাহিত্য লিখাৰ পৰম্পৰা যথেষ্ট প্রাচীন। খ্রীষ্টীয় প্রথম শতাব্দীতেই গ্রীক লেখক প্লুটাৰ্কে ‘মহৎ গ্রীক আৰু ৰোমানসকলৰ সমান্তৰাল জীৱন’ (Parallel Lives of the Noble Grecians and Romans) নামৰ জীৱনী গ্ৰন্থখন ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন ঠাইত বিশেষকৈ ধৰ্মীয় পৰম্পৰাৰ সৈতে সংযুক্ত মহাপুৰুষসকলৰ জীৱন কাহিনী লৈ বিভিন্ন ধৰণৰ প্ৰশংসাসূচক আৰু মহাপুৰুষসকলৰ গৌৰৱ জ্ঞাপক জীৱনী সাহিত্য গঢ় লৈ উঠে। অসমতো খ্রীষ্টীয় পঞ্চদশ-ষোড়শ শতিকাৰ বৈষ্ণৱ ধৰ্মগুৰু মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদিৰ জীৱন কাহিনী লৈ তেওঁলোকৰ ভক্ত শিষ্যসকলে ভালেকেইখন জীৱন-কাহিনী ৰচনা কৰি উলিওৱা দেখা গৈছে। এই জীৱনী সাহিত্যসমূহত মহাপুৰুষ গুৰুসকলৰ জীৱনৰ বৈশিষ্ট্যপূৰ্ণ দিশবোৰ দেখুৱাব যত্ন কৰা হৈছে, যাতে পৰৱৰ্তী পাঠকসকলে সেইবোৰ পঢ়ি গুৰুসকলৰ জীৱনৰ আদৰ্শৰ দ্বাৰা উৎসাহিত আৰু অনুপ্ৰাণিত হৈ সৎ আৰু সৰলভাৱে জীৱন- যাপন কৰিবলৈ সমৰ্থ হয়। মহাপুৰুষসকলৰ জীৱনৰ ওপৰত তেওঁলোকৰ অব্যৱহিত পৰৱৰ্তী লেখকসকলৰ ৰচিত এই চৰিত বা জীৱনীবোৰৰ এটা প্ৰধান বৈশিষ্ট্য এয়ে যে লেখকসকলে সাধাৰণতে গুৰুসকলৰ জীৱনৰ ভাল আৰু মহিমামণ্ডিত দিশটোহে এই জীৱনীবোৰৰ জৰিয়তে ফুটাই তুলিছিল। কিন্তু পৰৱৰ্তী সময়ত আধুনিক যুগত যিবোৰ গুৰু-জীৱন-চৰিত ওলাবলৈ ধৰিলে, সেইবোৰত বাস্তৱ দৃষ্টিভংগীৰে মহাপুৰুষসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰিবলৈ লোৱা হ’ল। ইয়াৰ উপৰি আধুনিক যুগৰ এই সময়ৰ ভিতৰতে পৰৱৰ্তী আৰু সমসাময়িক বিভিন্ন সমাজকৰ্মীৰ জীৱনৰ ওপৰতো আলোকপাত কৰি জীৱনী সাহিত্য ৰচনাৰ প্ৰবাহ চলিবলৈ ধৰিলে। অসমীয়া ভাষাত এনে জীৱনী সাহিত্যৰ ভিতৰত মহেশ্বৰ নেওগে লিখা ‘বেজবৰুৱা মানুহজন’, গোপীনাথ বৰদলৈৰ ‘তৰুণৰাম ফুকন আৰু ম‍ই তেওঁক যেনেকৈ জানো’, দীননাথ  শৰ্মাৰ ‘দেশপ্রাণ লক্ষ্মীধৰ শৰ্মা আৰু ‘হেমচন্দ্ৰ বৰুৱা’, নকুলচন্দ্ৰ ভূঞাৰ ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘চন্দ্ৰকুমাৰ আগৰৱালা’, যতীন্দ্রনাথ গোস্বামীৰ ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জনন্নাথ বৰুৱা’, ‘অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, নন্দ তালুকদাৰে ৰচনা কৰা বিভিন্ন জীৱনী সাহিত্যসমূহ উল্লেখযোগ্য। ইয়াৰ উপৰি অসমৰ বাহিৰৰ ভাৰতীয় সমাজ জীৱনৰ লগত জড়িত বিভিন্ন স্মৰণীয় ব্যক্তিৰ জীৱনী ৰচনা হোৱাৰ লগতে বিদেশৰ মহান ব্যক্তিৰ জীৱনৰ ওপৰত লিখা জীৱনী সাহিত্যও ৰচিত হৈছে।

জীৱনী অধ্যয়নৰ ফল : মহাপুৰুষৰ জীৱনী অধ্যয়ন কৰিলে সাহিত্যৰ অন্যান্য দিশ অধ্যয়ন কৰাৰ দৰে যে আনন্দ লাভ কৰা যায় সেই কথা অতি স্বাভাৱিক। মহাপুৰুষসকলৰ জীৱনীৰ পুংখানুপুংখ আৰু ৰসগ্রাহী বর্ণনাই প্ৰায় সকলো পাঠকৰে মনত আনন্দৰসৰ সঞ্চাৰ কৰে। কিন্তু সেই বুলি কেৱলমাত্ৰ আনন্দ লাভেই জীৱনী সাহিত্য অধ্যয়নৰ ফল নহয়। জীৱনী সাহিত্যসমূহত মহাপুৰুষসকলৰ জীৱন কাহিনী লিপিবদ্ধ হোৱাৰ লগতে সেই সেই সময়ৰ সমাজৰ বিভিন্ন দিশো বৰ্ণনাৰ মাজেৰে প্রতিফলিত হয়। গতিকে সেই সময়ৰ সমাজ বুৰঞ্জীৰ বিভিন্ন তথ্যও জীৱনী সাহিত্য অধ্যয়ন কৰিলে গম পোৱা যায়৷ ইয়াৰ লগতে জীৱনী সাহিত্য অধ্যয়ন কৰিলে ইয়াত বৰ্ণিত মানুহগৰাকীৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈও সহজসাধ্য হয়। কিন্তু জীৱনী অধ্যয়নৰ ফল তাতেই সীমিত নহয়। মহাপুৰুষৰ জীৱনী অধ্যয়নে পৰৱৰ্তী পুৰুষসকলক বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰে। ধৰ্মীয় নেতাসকলৰ জীৱনীয়ে মানুহক অনৈতিক মনৰ গৰাকী হ’বলৈ যিদৰে অনুপ্ৰেৰণা যোগাব, সেইদৰে সমাজৰ বিভিন্ন ধৰণৰ গঠনমূলক কাম কৰিবলৈও আন্তৰিকভাৱে উৎসাহ যোগায়। সেইদৰে সমাজকৰ্মী নেতাসকলৰ জীৱনী অধ্যয়নেও মানুহৰ অন্তৰত সাহসৰ সঞ্চাৰ কৰি দুঃখী- দৰিদ্ৰ-নিৰ্যাতিতৰ কাৰণে মানুহৰ জীৱন উছৰ্গা কৰিবলৈ অনুপ্ৰেৰণা যোগায়। সেয়ে মানুহে সৎ জীৱনৰ আদৰ্শ গঢ়ি তুলিবলৈ আৰু অইনৰ কাৰণে জীৱন উছৰ্গা কৰিবৰ বাবে উৎসাহ লাভ কৰিবলৈ মহাপুৰুষৰ জীৱনী অধ্যয়ন কৰাটো অতি প্রয়োজনীয়।

সামৰণি: মহাপুৰুষৰ জীৱনী সাহিত্য এবিধ বৈশিষ্ট্যপূর্ণ সাহিত্য। এই সাহিত্যৰ অধ্যয়নে মানুহক জীৱনত বিভিন্ন ধৰণে অনুপ্ৰেৰণা দান কৰে। সৎ আৰু শুদ্ধভাৱে জীৱন যাপন কৰিবৰ বাবে জীৱনী সাহিত্যৰ অধ্যয়ন এবিধ বিশেষ আহিলা বাবে জীৱনী সাহিত্যৰ অধ্যয়ন অতি অপৰিহাৰ্য। সেয়ে সৰুকালৰে পৰাই ল’ৰা-ছোৱালীৰ মনত জীৱনী সাহিত্যৰ অধ্যয়নৰ প্ৰতি স্পৃহা জগাই তোলাটো বাঞ্ছনীয়।

Leave a Comment