দূৰদৰ্শন আৰু জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ

আৰম্ভণিঃ  দূৰদৰ্শন বা টেলিভিছন বৰ্তমান যুগৰ বিজ্ঞানৰ এটা প্ৰখ্যাত আৱিষ্কাৰ আৰু বৰ্তমানৰ সভ্যতা আৰু সংস্কৃতিৰো ইয়াক এবিধ উল্লেখযোগ্য বিষয় বুলি লোৱা হয়। আজিকালিৰ যুগত যাৰ ঘৰত দূৰদৰ্শন নাই, তেনে লোকক কিছু পৰিমাণে নিম্নৰুচিৰ মানুহ বুলিয়েই ধৰা হয়। সেয়ে বৰ্তমান সমাজৰ প্ৰত্যেক লোকৰ ঘৰে ঘৰেই প্রায় দূৰদৰ্শন থকা দেখা যায় ।

দূৰদৰ্শন আৱিষ্কাৰৰ বুৰঞ্জী : বৰ্তমান শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালে ১৯২৫-২৬ চনত গ্রেট বৃটেইনৰ জন লাগি বেয়ার্ডে দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয়। কিন্তু তাৰ আগেয়ে ঊনবিংশ শতিকাৰ শেষৰ ফালে জার্মান বিজ্ঞানী প’ল নিপকৰ হাততেই ইয়াৰ আৰম্ভণি হৈছিল বুলি ধৰা হয়। সেয়ে হ’লেও দূৰদৰ্শনৰ প্ৰচাৰ কাৰ্য আৰম্ভ হয় ১৯৩৬ চনতহে । বৃটিছ ব্রডকাষ্টিং কৰ্পৰেচনে দূৰদৰ্শনযোগে প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰাৰ পিছত লাহে লাহে ই সমগ্ৰ পৃথিৱীতে বিয়পি পৰে। ৰঙীন দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয় ১৯৫৩ চনতহে।

ভাৰতবৰ্ষ আৰু অসমত দূৰদৰ্শনৰ প্ৰসাৰ : বৰ্তমান ভাৰতীয় লোকৰ ঘৰে ঘৰে দূৰদৰ্শন থাকিলেও ১৯৫৯ চনৰ ছেপ্টেম্বৰ মাহতহে ভাৰতৰ ৰাজধানী নগৰ দিল্লীত পোনপ্ৰথমে টেলিভিছন ব্যৱস্থা স্থাপন কৰা হয়। কিন্তু হ’লেও সেই সময়ৰ পৰা বিশ বছৰৰো অধিক কাল ভাৰতৰ অন্যান্য ঠাইত এই ব্যৱস্থাৰ প্ৰসাৰ ঘটা নাছিল। ১৯৮২ চনত দিল্লীত এছিয়ান গেমছ আৰম্ভ হোৱাৰ সময়তেই গোটেই ভাৰতবৰ্ষত টেলিভিছন বা দূৰদৰ্শন ব্যৱস্থাই তোলপাৰ লগায় । তেতিয়াৰ পৰাই দ্ৰুত গতিত ইয়াৰ প্ৰসাৰ আৰম্ভ হয় আৰু অসমতো তেতিয়াই দূৰদৰ্শনৰ প্ৰচাৰ কাৰ্য আৰম্ভ হয়। বৰ্তমান সময়ত টেলিভিছন বা দূৰদৰ্শনে শিল্প-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ বা মনোৰঞ্জনৰ আহিলা হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। দূৰদৰ্শনে বর্তমানে ভাৰতৰ সমাজ জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে।

দূৰদৰ্শন আৰু মানৱ সমাজত ইয়াৰ সুফল : বৰ্তমান সময়ৰ মানুহৰ মনত দূৰদৰ্শনে ইয়াৰ বিভিন্ন কাৰ্যসূচীৰ যোগেদি বিভিন্ন ধৰণে আমোদ-প্রমোদ তথা শিল্প আৰু জ্ঞানৰ সঞ্চাৰ কৰিবলৈ সমৰ্থ হৈছে। মানৱ সমাজত দূৰদৰ্শনৰ এয়া সুফল বুলি ক’ব পাৰি। মানুহক ই আমোদ-আনন্দ দিয়াৰ উপৰি শিক্ষা আৰু জ্ঞান-বিজ্ঞানত বাহক হিচাপেও ই উল্লেখযোগ্য ভূমিকা লৈছে। বর্তমানে দূৰদৰ্শনৰ যোগেদি গীত-মাত আদি পৰিবেশন কৰাৰ উপৰি বিভিন্ন অঞ্চলৰ মানুহৰ সামাজিক অৱস্থা, সাংস্কৃতিক অৱস্থা, আচাৰ- ব্যৱহাৰ আদিৰ ওপৰতো বিভিন্ন কাৰ্যসূচী পৰিবেশন কৰা হয়। বিশ্ববিদ্যালয়- মহাবিদ্যালয় আৰু বিদ্যালয় পৰ্যায়ৰ ল’ৰা-ছোৱালীৰ বাবেও ইয়াত বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি কৃষিকাৰ্য, উদ্যোগ আদিৰ লগত জড়িত অনুষ্ঠান কিছুমানো দূৰদৰ্শনৰ যোগেদি প্ৰদৰ্শন কৰা হয়। বিভিন্ন অঞ্চলৰ মানুহৰ সামাজিক আৰু মানসিক ব্যাধি নিৰাময়ৰ উদ্দেশ্যেও কিছুমান কাৰ্যসূচী যুগুত কৰা হয়। ইয়াৰ উপৰি সামাজিক কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ ওপৰতো কিছুমান কাৰ্যসূচী যুগুত কৰা হয়; যিবোৰে মানুহৰ জ্ঞান অর্জনত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়। এইদৰে দূৰদৰ্শনে এই ফলপ্রসূ কাৰ্যাৱলীৰ যোগেদি এখন সুস্থ-সবল সমাজ গঠন কৰাত বৰঙণি আগবঢ়াইছে আৰু এয়া দূৰদৰ্শনৰ সুফল ।

দূৰদৰ্শনৰ কুফলঃ কিন্তু সেই বুলি দূৰদৰ্শনৰ কুফলো যে নাই সেয়া ক’ব নোৱাৰি ৷ মাজে-সময়ে দূৰদৰ্শনৰ যোগেদি সস্তীয়া চিনেমা আদিও প্ৰদৰ্শন কৰা হয়৷ ইয়াৰ উপৰি বৰ্তমান সময়ত দূৰদৰ্শনৰ যোগেদি ধাৰাবাহিক ৰূপত কিছুমান ছবি নাইবা অন্যান্য কাৰ্যসূচীও প্ৰদৰ্শন কৰা হৈছে, যিবোৰে কুমলীয়া ল’ৰা-ছোৱালীৰ মনত প্ৰভাৱ পেলাই বহু ক্ষেত্ৰত তেওঁলোকৰ অধ্যয়নৰ বহুমূলীয়া সময়ো নষ্ট কৰিছে। দূৰদৰ্শনৰ কাৰ্যসূচী চাই কিছুমান ল’ৰা-ছোৱালীয়ে বর্তমানে কিছুমান অসামাজিক কাম কৰিবলৈকো কোনো প্ৰকাৰে কুণ্ঠাবোধ নকৰা হৈছে। এয়া দূৰদৰ্শনৰ কুফল।

সামৰণি : কোনো বস্তুৰ ভাল-বেয়া উভয় দিশ থকাৰ দৰে দূৰদৰ্শনৰো দুয়োটা দিশেই আছে। কিন্তু সেয়া হ’লেও দূৰদৰ্শনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংযত দৃষ্টিভংগী ল’লে ই মানুহৰ কেতিয়াও অপকাৰ সাধন কৰিব বুলি ক’ব নোৱাৰি। সি যিয়েই নহওক বৰ্তমান সময়ত দূৰদৰ্শনে মানৱ সমাজত এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছে।

Leave a Comment