ভাৰতীয় সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰসমূহ

ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা আছে। সংবিধান বলবৎ কৰাৰ সময়ত সংবিধানত ৭বিধ মৌলিক অধিকাৰ বৰ্ণিত আছিল। কিন্তু ১৯৭৮ চনত ৪৪তম সংবিধান সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ(Right to Property) বাতিল কৰাৰ ফলশ্ৰুতিত বৰ্তমান ভাৰতীয় নাগৰিকসকলে ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। সম্পত্তিৰ অধিকাৰ বৰ্তমান বিধিগত অধিকাৰ, মৌলিক অধিকাৰ নহয়। বৰ্তমান ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰসমূহ হ’ল-

১. সমতাৰ অধিকাৰ (১৪ নং পৰা ১৮ নং অনুচ্ছেদ)

২. স্বাধীনতাৰ অধিকাৰ (১৯ নং পৰা ২২ নং অনুচ্ছেদ)

৩. শোষণৰ বিৰুদ্ধে অধিকাৰ (২৩ নং পৰা ২৪ নং অনুচ্ছেদ)

৪. ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ (২৫ নং পৰা ২৮ নং অনুচ্ছেদ)

৫. সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (২৯ নং পৰা ৩০ নং অনুচ্ছেদ)

৬. সাংবিধানিক নিৰাময়ৰ অধিকাৰ (৩২ নং পৰা ২২৬ নং অনুচ্ছেদ)

১. সমতাৰ অধিকাৰ(Right to Equality): ভাৰতবৰ্যৰ সংবিধানৰ ১৪ নং পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰ বৰ্ণিত আছে। ১৪ নং অনুচ্ছেদ অনুসৰি আইনৰ সম-অধিকাৰ পৰা নাইবা সমত-সুৰক্ষাৰ পৰা কোনো ভাৰতীয় নাগৰিকক বঞ্চিত কৰিব পৰা নাযায়। ইয়াৰ জৰিয়তে কলো ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে। অৰ্থাৎ আইনৰ দৃষ্টিত সকলো সমান আৰু কোনো নাগৰিকৰ প্ৰতি বিশেষ সা-সুবিধা প্ৰদান নকৰা বুজায়। কিন্তু ভাৰতত বসবাস কৰা বিদেশীসকলৰ বাবে ই প্ৰযোজ্য নহয়। ১৫ নং অনুচ্ছেদ অনুযায়ী জাতি, ধৰ্ম, বৰ্ণ, বাসস্থান, মতা-তিৰোতা আদিৰ ভিত্তিত নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰই বৈষম্যমূহলক ব্যৱহাৰ কৰিব নোৱাৰিব। দোকান-বজাৰ, ভোজনালয়, ৰংগমঞ্চ আদিত প্ৰৱেশ কৰা নাইবা সৰ্বসাধাৰণ ৰাইজৰ অৰ্থে ৰাষ্ট্ৰীয় পুঁজিৰে নিৰ্মাণ কৰা ৰাজহুৱা পুখুৰী, কুঁৱা, গা-ধোৱা ঘাট, আলিবাট আদি ব্যৱহাৰৰ পৰা কোনো নাগৰিকক বিৰত ৰাখিব পৰা নাযায়। অৱশ্যে মহিলা, শিশু, সামাজিকভাৱে পিছপৰা জাতি নাইবা অনুসূচিত জাতি আৰু জনজাতিৰ হকে লোৱা বিশেষ ব্যৱস্থাক সমতা বিৰোধী বুলি গণ্য কৰা নহয়। ১৬ নং অনুচ্ছেদত নিয়োগৰ ক্ষেত্ৰত স্থাপনৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী চাকৰিৰ পদত নিযুক্তিৰ ক্ষেত্ৰত কোনো বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে চৰকাৰী চাকৰিৰ পদ মুকলি থাকিব, যদিহে নিয়োগৰ বাবে নিৰ্ণয় কৰি দিয়া প্ৰয়োজনীয় অৰ্হতা থাকে। অৱশ্যে অনুন্নত শ্ৰেণী লোকৰ যথোপযু্ক্ত প্ৰতিনিধিত্ব নাথাকিলে, তেওঁলোকৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। ১৭ নং অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে উল্লেখ আছে। সংবিধান প্ৰণেতাসকলে অস্পৃশ্যতা দূৰীকৰণৰ জৰিয়তে সমতা স্থাপন কৰাৰ প্ৰয়াস কৰিছে। অস্পৃশ্য বুলি কোনো লোকক ঘিঁ কৰা সংবিধান বিৰোধী। অস্পৃশ্য বৰ্জন কৰা বিষয়ত কোনো লোকে অসমৰ্থতা প্ৰকাশ কৰিলে অপৰাধ বুলি গণ্য কৰি বিধি অনুসৰি শাস্তি বিহিব পৰা যায়। ১৮ নং অনুচ্ছেদ অনুসৰি সামৰিক আৰু শিক্ষাগত উপাধিৰ বাহিৰে ৰাষ্ট্ৰই কোনো নাগৰিকক আন উপাধি প্ৰদান কৰিব নোৱাৰিব নাইবা ভাৰতীয় নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰা উপাধি গ্ৰহণ কৰিব নোৱাৰিব।

Leave a Comment