সমাজ গঠনত ছাত্ৰৰ ভূমিকা

সমাজ গঠনত ছাত্ৰৰ ভূমিকা

আৰম্ভণিঃ মানুহ এবিধ সামাজিক জীৱ । মানুহ সমাজতেই বসবাস কৰে আৰু মানুহৰ একোখন সমাজত সুখে-শান্তিৰে বসবাস কৰি সমাজখনৰ মংগল সাধন কৰাই উদ্দেশ্য। ছাত্ৰসকলো মানৱ সমাজৰেই অংশ, সেয়ে ছাত্ৰসকলেও সমাজৰ মংগল বা সমাজ গঠনত উপযুক্ত বৰঙণি যোগাব পাৰে আৰু তেনেদৰে সমাজ গঠন কৰিবলৈ আগবঢ়াটো ছাত্ৰ সমাজৰ কৰ্তব্য। সমাজক বাদ দি ব্যক্তিৰ পূৰ্ণাংগ বিকাশ সম্ভৱ নহয় বাবে ছাত্ৰসকলে নিজৰ ব্যক্তিত্বৰ বিকাশৰ বাবে সমাজ গঠনত উপযুক্ত ভূমিকা গ্রহণ কৰিব লাগিব।

সমাজৰ সৈতে সম্পৰ্কৰ দৃষ্টিত ছাত্ৰৰ কৰ্তব্য : এইটো সকলোৱে স্বীকাৰ কৰি আহিছে যে ছাত্ৰৰ পৱিত্ৰ আৰু প্ৰধান কৰ্তব্য হৈছে অধ্যয়ন। মনীষীসকলে ৰিঙিয়াই কোৱা ‘ছাত্রানাং অধ্যয়নং তপঃ’ এই কথাষাৰ ইয়াতেই প্রণিধানযোগ্য। ছাত্ৰসকলে অধ্যয়ন কৰিবই লাগিব। কিন্তু সেয়া হ’লেও সমাজক বাদ দি কোনো ছাত্রই থাকিব নোৱাৰে। পৰিয়াল, গাঁও, ৰাজ্য, ৰাষ্ট্ৰ এখনৰ বয়সস্থ নাগৰিকসকলে ছাত্ৰ সমাজৰ ওপৰতেই দেশৰ ভৱিষ্যৎ আশা বিচাৰি পায়। ছাত্ৰসকলৰ মাজৰ পৰাই ভৱিষ্যতৰ বাবে উপযুক্ত নাগৰিকো গঢ় লৈ ওলায় আৰু তেওঁলোকে এটা সময়ত শাসন কাৰ্যকে ধৰি দেশৰ ভিন্‌ ভিন্‌ কামতো আত্মনিয়োগ কৰে । ছাত্ৰসকলে সেয়ে তেওঁলোকৰ জীৱনৰ আৰম্ভণি সময়ৰে পৰা নিজৰ মনোভাৱ লৈ সমাজ সেৱামূলক কামতো অংশ গ্রহণ কৰি যোৱা উচিত । ছাত্ৰসকলে যদি মহান উদ্দেশ্য আগত ৰাখি সমাজৰ মংগলৰ হকে কাম কৰি যায়, তেতিয়াই একো একোখন উপযুক্ত সমাজ গঠিত হ’ব আৰু ছাত্ৰসকলে তেতিয়াহে সমাজ গঠনত ভূমিকা লোৱা হ’ব।

বর্তমান সমাজৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত সমাজ গঠনত ছাত্ৰৰ ভূমিকাঃ বৰ্তমান আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ সমাজসমূহ নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। প্রাকৃতিক দুৰ্যোগৰ পৰা অহা সমস্যাবোৰৰ কথাও এই প্ৰসংগত উল্লেখযোগ্য। অসমৰ ‘দৃষ্টিভংগীৰে বানপানী আৰু বানপানীৰ পিছত হোৱা মাৰি-মৰকৰ সময়ত ছাত্ৰসকলে কৰিবলগীয়া কাম বহুতো। ছাত্ৰসকলে নিজৰ সামৰ্থ্য অনুসৰি বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত ৰাইজক সহায়-সহযোগ কৰা উচিত। ছাত্ৰসকলে দান-বৰঙণি আদি  তুলি দুগত লোকসকলক সাময়িকভাবে হ’লৈও খোৱা-বোৱাৰ যোগাৰ কৰি দিয়াটো বাঞ্ছনীয়।

আমাৰ গাঁও অঞ্চল এতিয়াও পৰিবহণ, যাতায়াত, শিক্ষা-দীক্ষা আদিৰ দিশত অনগ্ৰসৰ হৈয়েই আছে। গাঁও অঞ্চলৰ এই অৱস্থাৰ উপশম ঘটাবলৈ ছাত্ৰসকলে সামুহিকভাৱে একোটা নির্দিষ্ট পৰিকল্পনা বা আঁচনি লৈ আগবাঢ়ি যাব পাৰে। গাঁও অঞ্চলৰ মানুহৰ অহা-যোৱাৰ সুবিধা কৰিবৰ বাবে ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰা, গাঁওবাসী মানুহৰ মাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই গাঁওবাসী অশিক্ষিত তথা নিৰক্ষৰ মানুহৰ মনত সাহস আৰু দৃঢ়তাৰ মনোভাৱ জগাই তোলা, গাঁওবাসী মানুহক উপযুক্ত স্বাস্থ্য সংৰক্ষণৰ বিষয়ে জ্ঞান দিয়া, নিৰক্ষৰ গাঁৱলীয়া মানুহক সাক্ষৰ কৰি তোলা আদি বিষয়ত ছাত্র-সমাজে আজৰি সময়ত হ’লেও বলিষ্ঠ নেতৃত্ব দিব লাগিব যদিহে ছাত্র সমাজে একো একোখন সুস্থ সমাজ গঢ়ি তুলিবলৈ মন কৰে। এনেবোৰ কামত অংশগ্ৰহণ কৰিলে ছাত্ৰসকলৰ অধ্যয়ন কার্যত বিশেষ বাধা পৰিব বুলি ক’ব নোৱাৰি, কিয়নো তেওঁলোকে আজৰি সময়তহে এইবোৰ কাম কৰিব।

ছাত্র-সমাজ, সাম্প্রতিক ৰাজনীতি আৰু সমাজ গঠন : সমাজ গঠনত ছাত্ৰ সমাজৰ ভূমিকা আলোচনাৰ প্ৰসংগত বৰ্তমানৰ ৰাজনৈতিক ভাবধাৰাৰ সৈতে ছাত্ৰ সমাজৰ সম্পৰ্কৰ বিষয়টোও আলোচনা কৰিবলগীয়া হয়। ছাত্ৰসকলৰ পৰম আৰু প্ৰধান কাম পাঠ্যপুথি অধ্যয়ন আৰু সেই হিচাপে ৰাজনীতিৰ সৈতে জড়িত হোৱাটো ছাত্ৰ সমাজৰ বাবে উচিত নহয়। কিন্তু আমাৰ গাঁৱলীয়া নিৰক্ষৰ তথা বহু পৰিমাণে অন্ধবিশ্বাসী, অশিক্ষিত লোকসকলক ৰাজনৈতিক জ্ঞান দিবৰ বাবে ছাত্র সমাজেই বিশিষ্ট বৰঙণি আগবঢ়াব লাগিব। ছাত্ৰসকলে গাঁৱলীয়া নাগৰিকসকলক ভোটাধিকাৰৰ বিষয়ে জ্ঞান দিব লাগিব, বৰ্তমান সময়ত ৰাজনৈতিক পটভূমিত চলি থকা দুর্নীতি, সাম্প্ৰদায়িকতাৰ মনোভাৱ আদি বিষয়বোৰ গাঁৱলীয়া ৰাইজৰ আগত দাঙি ধৰিব লাগিব আৰু গাঁৱৰ মানুহে যাতে সম্পূৰ্ণ নিৰপেক্ষভাৱে তেওঁলোকৰ নেতা নির্বাচন কৰিবলৈ সক্ষম হয়, তেনে এটা পৰিৱেশ ছাত্র সমাজেই গঢ়ি তুলিব লাগিব। ইয়াৰ উপৰি ৰাজনীতিৰ লগত জড়িত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য আদিৰ জ্ঞানসমূহো ছাত্র সমাজেই গঞা ৰাইজক দিব লাগিব। তেতিয়াহে ছাত্র সমাজে সমাজ গঠনত উপযুক্ত ভূমিকা লোৱা হ’ব ।

সামৰণি : আজিকালি উচ্চ বিদ্যালয় তথা মহাবিদ্যালয় পর্যায়ত এ. চি.চি, এন. চি. চি., স্কাউট আৰু গাইড়, এন. এছ. এছ আদিত সদস্য ভৰ্তিকৰণৰ কাম কৰা হয়। দৰাচলতে এই আটাইবোৰ বিভাগৰে মুখ্য উদ্দেশ্য হৈছে সমাজ সেৱামূলক কামত ছাত্ৰসকলক নিয়োগ কৰিবলৈ বিচৰা । ছাত্ৰ সমাজৰ বাবে সমাজ গঠনত যে গুরুত্ব আছে সেই কথাৰ ওপৰত গুৰুত্ব দিয়েই এইবোৰ বিভাগ খোলা হৈছে। ছাত্র সমাজদ এক বুজন সংখ্যক এইবোৰ সংগঠনৰ সৈতে জড়িত হোৱা কথাৰ পৰা এই কথা গ্রহণ কৰি ল’ব পাৰি যে ছাত্র-সমাজে সমাজ গঠনৰ কামত উপযুক্তভাৱে মনোযোগ দিছে। আমাৰ অসমতো জাতীয় জীৱনৰ অগ্ৰগতিত ছাত্ৰসকলে উপযুক্তভাৱে কাম কৰি আহিছে। এসময়ত অসম ছাত্ৰ সন্মিলনৰ তলত সদৌ অসমৰ ছাত্ৰসকলে সমাজ সেৱা তথা সমাজ গঠনৰ কামত যথেষ্ট বৰঙণি যোগাইছিল। সেয়ে আজিৰ ছাত্ৰ সমাজেই অধ্যয়নৰ লগতে সমাজ সেৱামূলক কাম কৰি সমাজ গঠনত গুৰুত্ব দিয়াটো আৱশ্যকীয়, তেহে আমি সকলোৱে একোখন সুস্থ সমাজত শান্তিপূর্ণভাৱে বসবাস কৰিবলৈ পাম।

Leave a Comment